NRC : দেশব্যাপী ৰাষ্ট্ৰীয় নাগৰিকপঞ্জি আৰম্ভ কৰাৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই, সংসদত জনালে মোদী চৰকাৰে

assam nrc

দেশজুৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জি বা এনআৰচি আৰম্ভণিৰ বিষয়ত এতিয়াও কোনো সিদ্ধান্ত লোৱা হোৱা নাই । মঙলবাৰে লোকসভাত জানালে কেন্দ্রীয় চৰকাৰে । কেন্দ্রীয় মন্ত্রী নিত্যানন্দ ৰায়ে জনায়, উচ্চতম ন্যায়ালয়ৰ নির্দেশ মৰ্মে অসমৰ এনআৰচি তালিকা নতুনকৈ তৈয়াৰ হৈছে । সেই তালিকাত বহুতৰ নাম বাদ পৰিছে আৰু বহুতৰ নাম যুক্তও হৈছে । ২০১৯ৰ ৩১ আগষ্টতেই সেই তালিকা প্রকাশিত হৈছে ।

ইয়াৰ পাছতেই সংসদত এটা প্রশ্নৰ লিখিত উত্তৰত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয়, ‘‘ৰাষ্ট্ৰীয় স্তৰত এতিয়াও দেশব্যাপী এনআৰচি তৈয়াৰৰ সিদ্ধান্ত লোৱা নাই ।’’ তেওঁ জনায়, কেৱল অসমতে এনআৰচি-ৰ সিদ্ধান্ত লোৱা হৈছিল আৰু সেয়া হৈও গৈছে । তাৰ চূড়ান্ত তালিকাৰ ‘আপডেটো’ কৰা হৈছে ।

উল্লেখ্য, ২০১৯ত চূড়ান্ত তালিকা প্রকাশ কৰা হৈছে । অসমত নাগৰিকপঞ্জিত তিনি কোটি ৩০ লাখ লোকৰ ভিতৰত ১৯ লাখ ছহেজাৰ লোকৰ নাম বাদ পৰিছে ।

Exit mobile version