Vaccine for Kids in 12-14 Age Group : কি এই Corbevax, কিয় টিকাটো শিশুসকলক দিয়া হৈছে ? জানি ল‌ওক, নতুন ভেকচিন সম্পর্কে

istockphoto 1315887649 612x612 1

কেন্দ্রীয় স্বাস্থ্যমন্ত্রীয়ে জনাইছে, বুধবাৰৰ পৰা ১২ৰ পৰা ১৪ বছৰ বয়সৰসকলৰ টিকাকৰণ আৰম্ভ হ’ব । লগতে এইবাৰ ষাটোর্ধ্ব সকলোৱে পাব বুষ্টাৰ । ১২ৰ পৰা ১৪ বছৰৰ সকলক Corbevax নামৰ টিকা দিয়া হ’ব । কি এই টিকা ? জানি ল‌ওক ।

হায়দৰাবাদৰ Biological E. Ltd কোম্পানি আৰু Texas Children’s Hospital Centre আৰু Baylor College of Medicine-ৰ যৌথ উদ্যোগত এই টিকাটো তৈয়াৰ কৰা হৈছে ।

এইটো ভাৰতত তৈয়াৰ কৰা প্রথম Protein Sub-unit Vaccine । Corbevax-এ ১২ৰ পৰা ১৮ বছৰ বয়সৰসকলক এই টিকা দিয়াৰ অনুমোদন লাভ কৰিছে যোৱা ফেব্রুৱাৰীত ।

এই টিকাটোৰ স’তে হেপাটাইটিছ টিকাৰ সাদৃশ্য আছে । Pfizer-BioNTech বা Moderna-ৰ দৰে টিকা হ’ল mRNA টিকা । Covishield বা Sputnik V হ’ল non-replicating viral vector টিকা । কিন্তু Corbevax এইবোৰতকৈ সম্পূৰ্ণ পৃথক ।

তৃতীয় পৰ্যায়ৰ পৰীক্ষাৰ শেষত দাবী কৰা হৈছে, Corbevaxৰ পৰা যি ৰোগ প্রতিৰোধ শক্তি পোৱা যায়, সেয়া Covishield-তকৈ অধিক ।

নির্মাতাসকলৰ দাবী, ই আৰম্ভণিৰ ক’ভিডৰ বিৰুদ্ধে ৯০ শতাংশ কার্যকৰ, ডেল্টাৰ বিৰুদ্ধে ৮০ শতাংশ । অ’মিক্রনৰ বিৰুদ্ধেও প্ৰায়েই কাৰ্যকৰ এই টিকা ।

ভাইৰাছটোৰ বাহিৰৰ আৱৰণত যে Spike Protein থাকে, এই টিকাটোৱে সেই প্র’টিনক ভাঙে আৰু ভাইৰাছটোক নিঃশেষ কৰে ।

নির্মাতাসকলে দাবী কৰে যে, এই টিকা অধিক মূল্যৰ নহ’ব । ফলত অর্থনৈতিকভাৱে পিছ পৰি থকা দেশসমূহত এই টিকা ব্যৱহাৰ কৰিব পৰা যাব ।

Exit mobile version