Verdict on Hijab Case: হিজাব সম্পৰ্কীয় সকলো আবেদন খাৰিজ উচ্চ ন্যায়ালয়ৰ

pti02 16 2022 000121b 1647322463

হিজাব পিন্ধাটো বাধ্যতামূলক ধৰ্মীয় প্ৰথা নহয়, ৰায় দিলে কৰ্ণাটক উচ্চ ন্যায়ালয়ে । খাৰিজ কৰা হ’ল হিজাব পিন্ধাৰ ওপৰত নিষেধাজ্ঞাৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত দাখিল কৰা সকলো আবেদন ।

ইয়াৰ ফলত উচ্চ ন্যায়ালয়ত জয়লাভ কৰিলে ৰাজ্য চৰকাৰে । ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে শিক্ষার্থীসকল।

হিজাবৰ ওপৰত দিয়া ৰায়ক লৈ হুলস্থূলীয়া পৰিৱেশ হোৱাৰ আশংকা কৰি কৰ্ণাটক চৰকাৰে এসপ্তাহৰ বাবে বেংগালুৰু চহৰত বৃহৎ সমাৱেশৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে।

মাংগালুৰুতো ১৫ ৰ পৰা ১৯ মাৰ্চলৈ সকলো ডাঙৰ সমাৱেশ বন্ধ কৰা হৈছে । হিজাব বিতৰ্কৰ কেন্দ্ৰবিন্দু উদুপীত মঙলবাৰে বন্ধ সকলো বিদ্যালয়, মহাবিদ্যালয় ।

বিগত এক জানুৱাৰীত কৰ্ণাটকৰ উদুপীৰ এখন প্ৰাক-বিশ্ববিদ্যালয়ত কিছুমান হিজাব পৰিহিত ছাত্ৰ-ছাত্ৰীক শ্ৰেণীত বহিবলৈ বাধা দিয়াৰ ঘটনা ঘটিছিল ।

মহাবিদ্যালয় উন্নয়ন সংস্থাৰ সভাপতি বিজেপি বিধায়ক ৰঘুপতি ভট্টই স্পষ্ট কৰি দিয়ে যে হিজাব পিন্ধা সকলক শ্ৰেণীত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ’ব।

বিতৰ্কটো দ্ৰুতগতিত ৰাজ্যজুৰি বিয়পি পৰিছিল। ইয়াৰ পাছতে কেবাটাও হিন্দুত্ববাদী সংগঠনে আন্দোলন আৰম্ভ কৰে। কেবাখনো ঠাইত, হিজাবৰ সপক্ষে- বিপক্ষে প্ৰতিবাদকাৰীসকল মুখামুখি হয়।

ইফালে আৰক্ষীৰ স’তেও কেবাটাও সংঘৰ্ষও ঘটনা ঘটে। কেবাখনো জিলাত ১৪৪ ধাৰা জাৰি কৰা হয়। সকলো বিদ্যালয় আৰু মহাবিদ্যালয় অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হয় ।

বিগত জানুৱাৰীত কৰ্ণাটক চৰকাৰে এই সন্দৰ্ভত এখন বিশেষ সমিতি গঠন কৰে। ঘোষণা কৰা হয় যে সমিতিয়ে নিৰ্দিষ্ট পৰামৰ্শ দিয়া লৈকে, শিক্ষাৰ্থীসকলে কেৱল ইউনিফৰ্ম পিন্ধি শিক্ষানুষ্ঠানলৈ আহিব পাৰিব।

উদুপীৰ কেইজনমান শিক্ষাৰ্থীয়ে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে কৰ্ণাটক উচ্চ ন্যায়ালয়ত এখন ৰিট আবেদন দাখিল কৰে। তেওঁলোকে আদালতক কয় যে হিজাব পিন্ধাটো তেওঁলোকৰ মৌলিক অধিকাৰৰ ভিতৰত আছে। কোনো প্ৰকাৰে ইয়াক বাতিল কৰিব নোৱাৰি নোৱাৰে।

১০ ফেব্ৰুৱাৰীত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ঋতুৰাজ অবস্তি, ন্যায়াধীশ কে এছ দীক্ষিত আৰু ন্যায়াধীশ জে.এম খাজীয়ে এক অন্তৱৰ্তীকালীন ৰায়দানত কয়, “ৰায় ঘোষণা নোহোৱালৈকে কৰ্ণাটকত বিদ্যালয়, মহাবিদ্যালয় খুলিব পাৰে কিন্তু কোনো শিক্ষাৰ্থীয়ে ধৰ্মীয় প্ৰতীক থকা কোনো পোছাক পিন্ধি আহিব নোৱাৰে। ”

গোচৰটোৰ আৰম্ভণিৰ পৰা শেষলৈকে, কৰ্ণাটক চৰকাৰে কয় যে হিজাব পিন্ধাটো ইছলামৰ বাধ্যতামূলক প্ৰথাৰ ভিতৰত নপৰে। আজি উচ্চ ন্যায়ালয়ৰ ৰায় আহে। আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীসকলে কয় যে তেওঁলোকে ৰায়টোক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়লৈ যাব।

Exit mobile version