Kim Jong Un : এইবাৰ পৰমাণু পৰীক্ষা কেন্দ্র আৰম্ভ কৰিলে উত্তৰ কোৰিয়াই

origin 北화성지구살림집건설착공…김정은과업·방도제시

বিগত কিছু সপ্তাহত একাধিক ক্ষেপণাস্ত্র পৰীক্ষা কৰিছে উত্তৰ কোৰিয়াই । যাৰ সমালোচনাত সৰৱ হৈছে আমেৰিকা, জাপান আৰু দক্ষিণ কোৰিয়াৰ দৰে দেশ । এইবাৰ কিম জং উনৰ দেশে তেওঁলোকৰ এটা বন্ধ কৰি দিয়া পৰমাণু পৰীক্ষা কেন্দ্র পুনৰ কৰ্যক্ষম কৰাৰ প্রক্রিয়া আৰম্ভ কৰিছে বুলি জনালে দক্ষিণ কোৰিয়াৰ সংবাদমাধ্যমে । দক্ষিণ কোৰিয়াৰ সেনা বাহিনীৰ তৰফৰ পৰা দিয়া বিবৃতি উদ্ধৃত কৰি দেশৰ সংবাদমাধ্যমে জনাইছে, সম্প্রতি উপগ্রহ চিত্রত সেই ছবি ধৰা পৰিছে ।

২০১৮ত বৈদেশিক সংবাদমাধ্যমৰ উপস্থিতিত পাংগিত-ৰি পৰমাণু পৰীক্ষা কেন্দ্র বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল কিমৰ প্রশাসনে । কিন্তু সম্প্রতি তাতেই পুনৰ নির্মাণকাৰ্য আৰম্ভ হৈছে বুলি উপগ্রহ চিত্রত ধৰা পৰিছে । দক্ষিণ কোৰিয়াৰ শংকা, খুব শীঘ্রেই পৰমাণু বোমাৰ পৰীক্ষা কৰিব পিয়ংইয়েঙে ।

২০১৭ৰ পাছৰ পৰা এই পৰীক্ষা কেন্দ্রত আৰু কোনো পৰমাণু বোমা পৰীক্ষা কৰা নাই উত্তৰ কোৰিয়াই । কিন্তু আমেৰিকাৰ স’তে পৰমাণু নিৰস্ত্রীকৰণ আলোচনা স্তব্ধ হৈ থকাত তেওঁলোকে যিকোনো সময়ত পৰমাণু পৰীক্ষণ কাৰ্যসূচী আৰম্ভ ‌কৰিব পাৰে বুলি শংকা প্রকাশ কৰিছে ।

উত্তৰ কোৰিয়াৰ উত্তর-পূৱ পর্বতে আৱৰা অঞ্চলত পাংগিত-ৰি পৰমাণু পৰীক্ষা কেন্দ্রটো অৱস্থিত । মূল চীনা ভূ-খণ্ডৰ পৰা অঞ্চলটো প্রায় এশ কিলোমিটাৰ দূৰত । ইয়াৰ পূৰ্বে ২০০৬, ২০০৯, ২০১৩, ২০১৬-ৰ জানুৱাৰী আৰু ছেপ্তেম্বৰত আৰু ২০১৭ৰ স’তে মুঠ ছবাৰ পৰমাণু বোমা পৰীক্ষা কৰিছে পিয়ংইয়েঙে । এই পৰীক্ষা কেন্দ্রত প্ৰৱেশ কৰাৰ মূল তিনিটা সুৰংগ পথ ২০১৮ত বৈদেশিক সংবাদমাধ্যমৰ সন্মুখত বন্ধ কৰি দিছিল উত্তৰ কোৰিয়া চৰকাৰে ।

কিন্তু পৰমাণু বিশেষজ্ঞসকলৰ দাবী, তাৰ পাছতো গোপনে পৰমাণু কাৰ্যসূচী চলাই আহিছে কিম প্রশাসনে । কাৰণ এই পার্বত্য অঞ্চলত একাধিকবাৰ ভূমিকম্প অনুভূত হৈছে, যি প্রাকৃতিক কাৰণত নহয় বুলি দাবী তেওঁলোকৰ । এইবাৰ এই পৰীক্ষা কেন্দ্রৰ আশে-পাশে নির্মাণকাৰ্যৰ ছবি দেখি পুনৰ শংকা বৃদ্ধি পাইছে বুলি দাবী কৰিছে দক্ষিণ কোৰিয়া চৰকাৰে ।

Exit mobile version