কাৰ্বি আংলংৰ ডিলাই আৰু বৰপথাৰত একেদিনাই হেৰইন আৰু গাঞ্জা জব্দ

আটক দুই সৰৱৰাহকাৰী

1b588085 7b20 416c ac33 9c4c47dd7b7c

কাৰ্বি আংলংৰ বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাই আৰু বৰপথাৰত আৰক্ষীৰ তালাচীত নিষিদ্ধ হেৰইন আৰু গাঞ্জা জব্দ কৰাৰ লগতে আটক কৰে দুই সৰৱৰাহকাৰীক ৷

আজি পুৱা ডিলাই আৰক্ষীয়ে এক বিশেষ খবৰৰ ভিত্তিত ডিলাই তিনিআলিত কৰা তালাচীত ডিমাপুৰ দিশৰ পৰা অহা এ.এছ০১এন.চি-১৮৪৯ নম্বৰৰ এখন বাছৰ পৰা যাত্ৰীৰূপত অহা এজন লোকৰ পৰা ১২.০২ গ্ৰাম হেৰইন জব্দ কৰাৰ লগতে লোকজনক আটক কৰে ৷

ধৃত লোকজন হ’ল ধিং বেছামাৰীৰ ছফিকুল ইছলাম ৷ আনহাতে দিনৰ প্ৰায় এক বজাত আন এক গোপন খবৰৰ ভিত্তিত বৰপথাৰ আৰক্ষীয়ে খাকৰাজানত চলোৱা তালাচীৰ সময়ত ডিমাপুৰৰ পৰা অহা এ.এছ১২এচি৩৪৭৭ নম্বৰৰ এখন বাছৰ পৰা ৫২ কেজি গাঞ্জা জব্দ কৰাৰ লগতে আৰক্ষীয়ে আটক কৰে এটা সৰৱৰাহকাৰীক৷গাঞ্জাখিনি কলা পলিথিনেৰে পেকেট কৰি আনিছিল ৷ ধৃত সৰৱৰাহকাৰীটো হল নগাঁও হয়বৰগাঁওৰ কমল হুচেইন ৷ আৰক্ষীয়ে দুয়োটা সৰৱৰাহকাৰীকে ক্ৰমে ডিলাই থানা আৰু বৰপথাৰ থানাত সোধাপোছা অব্যাহত ৰাখিছে ৷

Exit mobile version