নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পুনৰ অঘটন

1e7139cc 6549 43af b5dc e3408bfd8d83

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণস্থলীত পুনৰ অঘটন। শ্ৰমিকৰ একাংশ লোকে গাৰ অংগ কাটি তেজেৰে পূজা অৰ্পণক কেন্দ্ৰ কৰি অৱশেষত শ্ৰমিকৰ মাজত ৰক্তাত্ত পৰিস্থিতি সৃষ্টি হয়।

ঘটনাৰ বিৱৰণী মতে, সন্দেহযুক্ত একাংশ শ্ৰমিকে অংগক্ষত কৰা মানুহৰ হাড় লৈ এন এইচ পি চিৰ অধীনৰ নিৰ্মাতা সংস্হা ছ’মা এন্টাৰপ্ৰাইজৰ নিৰ্মাণস্থলীত দীৰ্ঘদিনে পূজা কৰি অহাৰ লগতে শ্ৰমিক সকলক শংকিত কৰি তুলিছে ৷

আজি পুৱা ভাগত একাংশ শ্ৰমিকে পুনৰ তেজেৰে লুতুৰি-পুতুৰি হৈ বিকৃত মন্ত্ৰ মাতি পূজা কৰি থকা ছ’মাত কাম কৰিবলৈ যোৱা শতাধিক শ্ৰমিকে প্ৰত্যক্ষ কৰে ৷

ইয়াতে ক্ষুন্ন হৈ শ্ৰমিক সকলে এনে কাৰ্য বন্ধ কৰিবলৈ দাবী জনায় ৷ কিন্তু শ্ৰমিক সকলৰ কথা আওকান কৰি অভিযুক্ত শ্ৰমিকে দুগুনে চিঞৰি চিঞৰি মন্ত্ৰ মাতি এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে।

এইক্ষেত্ৰত অৰুণাচল প্ৰদেশ আৰক্ষী আৰু এন এইচ পি চিৰ চি আই এছ এফৰ দলে উন্মত্ত শ্ৰমিক সকলক বাধা প্ৰদান কৰে। তাৰ পাছত অভিযুক্ত শ্ৰমিকক  উদ্ধাৰ কৰি ছ’মাৰ কন্টেইনাৰত সোমাই দিয়ে ৷

ইফালে ক্ষোভিত শতাধিক শ্ৰমিকে কন্টেইনাৰৰ পৰা অভিযুক্ত শ্ৰমিক কেইগৰাকীক উলিয়াই দিবলৈ দাবী জনাই আৰু জনাই চি আই এছ এফ আৰু অৰুণাচল প্ৰদেশ আৰক্ষীলৈ শিলাবৰ্ষণ কৰে ৷

তৎসত্বেও চি আই এছ এফ আৰু অৰুণাচল আৰক্ষীয়ে অভিযুক্তক ৰক্ষনাবেক্ষন দি থকাত অন্য শ্ৰমিক সকলে কন্টেইনাৰ জ্বলাই সম্পূৰ্ণৰূপে ভস্মীভূত কৰে ৷ ইয়াৰ মাজতো অৰুণাচল আৰক্ষী আৰু চি আই এছ এফৰ আপ্ৰাণ প্ৰচেষ্টাত অভিযুক্ত শ্ৰমিকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যাবলৈ সক্ষম হয় ৷

ইপিনে প্ৰাপ্ত তথ্য অনুসৰি, শ্ৰমিক সকলৰ আক্ৰমণ আৰু চি আই এছ এফ আৰু অৰুণাচল প্ৰদেশ আৰক্ষীৰ প্ৰত্যাক্ৰমণত দুয়োপক্ষৰে ১০ গৰাকী লোক আহত হোৱা হয়  ৷

আনপিনে শ্ৰমিক সকলৰ আক্ৰমণত গুৰুতৰ বাবে আহত তিনি শ্ৰমিকক সংকটজনক অৱস্থাত লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা । মন কৰিবলগীয়া যে, গত সময়ত খিলঞ্জীয়া শ্ৰমিক সকলক বান্ধলভী পক্ষয়ে পৰ্যাপ্ত সুবিধাৰ পৰা বঞ্চিত কৰি অহাৰ অভিযোগ আছে।

Exit mobile version