Covid: দেশত হ্ৰাস পালে দৈনিক আক্রান্তৰ সংখ্যা

1642679998 1606536532 5fc1cd545faae covid 19 rapid antigen test

দেশত পুনৰ হ্ৰাস পালে কৰ’নাৰ দৈনিক সংক্ৰমণ । বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত হৈছে দুহেজাৰ ৫৩৯ জন ।

কমিছে দৈনিক সংক্ৰমণৰ হাৰ আৰু পজিটিভ হাৰ । বৃহস্পতিবাৰে দৈনিক সংক্ৰমণৰ হাৰ আছিল ০.৩৫ শতাংশ। উল্লেখনীয় যে মাৰ্চৰ আৰম্ভণিৰ পৰা, একেৰাহে ১৬ দিনৰ বাবে দৈনিক সংক্ৰমণৰ হাৰ এক শতাংশৰ তলত আছে।

বিগত ২৪ ঘণ্টাত সক্ৰিয় ৰোগীৰ সংখ্যাও হ্ৰাস পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, বৃহস্পতিবাৰে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল তিনি হেজাৰ ৭৯৯।

আনহাতে, বুধবাৰৰ তুলনাত দৈনিক সুস্থতাৰ সংখ্যাও বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত, চাৰি হেজাৰ ৪৯১ জন লোক ক’ভিডৰ পৰা সুস্থ হৈ উঠিছে ।

Exit mobile version