Covid19 : উত্তৰ প্ৰদেশত উঠাই লোৱা হ’ল সকলো ক’ভিড নিষেধাজ্ঞা

1647509144 up

যদিও পৃথিৱীৰ কিছুমান দেশত সংক্ৰমণ সামান্য বৃদ্ধি পাইছে, দেশত দৈনিক কৰ’না আক্ৰান্তৰ গ্ৰাফ হ্ৰাস পাইছে। এই পৰিস্থিতিত উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ সকলো কৰ’না নিষেধাজ্ঞা উঠাই লোৱাৰ সিদ্ধান্ত লৈছে।

ADVERTISEMENT

চৰকাৰী সূত্ৰ অনুসৰি, অনাগত দিনবোৰত সংক্ৰমণ পুনৰ বৃদ্ধি হ’লে নতুন নিষেধাজ্ঞা আৰোপ কৰাৰ কথা বিবেচনা কৰা হ’ব।

ইয়াৰ আগতে, আক্ৰান্তৰ সংখ্যা হ্ৰাস হোৱাত লাহে লাহে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ খোলা হৈছিল। উঠাই লোৱা হয় নৈশ সান্ধ্যা আইন । কিন্তু আন বিভিন্ন বিধিনিষেধাজ্ঞা জাৰি আছিল ।

আজি উত্তৰ প্ৰদেশৰ গৃহ সচিব অনীশ অৱস্থীয়ে ঘোষণা কৰে যে ইমান দিন ধৰি বন্ধ হৈ থকা চুইমিং পুল, ৱাটাৰ পাৰ্ক সমূহ খোলাৰ অনুমতি দিয়া হৈছে। অংগনৱাড়ী কেন্দ্ৰত কাম আৰম্ভ হ’ব।

বিবাহ বা কোনো সামাজিক অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ সংখ্যাৰ ওপৰত কোনো বাধা নাই। অৱশ্যে, প্ৰতিটো ক্ষেত্ৰতে, এক সুৰক্ষিত শাৰীৰিক দূৰত্ব বজাই ৰাখিব লাগিব। মাস্ক পিন্ধা হাত ধোঁৱা নিয়ম অব্যাহত থাকিব ।

Exit mobile version