Hijab Row : হিজাব সম্পৰ্কত উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান, এইবাৰ উচ্চতম ন্যায়ালয়ত মুছলিম শিক্ষাৰ্থীসকল

hijab1645010898271

শিক্ষা প্রতিষ্ঠানত ছাত্রীসকলে হিজাব (Hijab) পৰিধান কৰাক লৈ তৈয়াৰ হোৱা যাৱতীয় বিতর্কত চেঁচা পানী ঢালি ঐতিহাসিক ৰায় দিলে কর্ণাটক উচ্চ ন্যায়ালয়ে (Karnaraka High Court) । শিক্ষা প্রতিষ্ঠানত হিজাব নিষিদ্ধ কৰাৰ বিৰুদ্ধে যিসমূহ আবেদন কৰা হৈছিল, মঙলবাৰে সেইসমূহ খাৰিজ কৰিছে আদালতে । এইবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ উদুপি কলেজৰ শিক্ষাৰ্থীসকল । শীর্ষ আদালতত কর্মৰত এজন অধিবক্তা আনাছ তনবীৰে টুইট কৰি এই কথা জনাইছে ।

ADVERTISEMENT

আজি পুৱা উচ্চ ন্যায়ালয়ে ৰায় দিয়াৰ লগে লগেই শীৰ্ষ ন্যায়ালয়ত যোৱাৰ সিদ্ধান্ত লয় শিক্ষাৰ্থীসকলে । সেই কথা জনাই তেওঁ টুইটাৰত প’ষ্ট কৰে তেওঁৰ মক্কেলসকল হিজাব প্রসংগত শীৰ্ষ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে । তেওঁ আৰু লিখে, ”এই মহিলাসকলে আদালত আৰু সংবিধানৰ ওপৰত বিশ্বাস হেৰুৱাইছে ।”

আজি কর্ণাটক উচ্চ ন্যায়ালয়ে স্পষ্ট কৰিছে যে হিজাব ইছলামত বাধ্যতামূলক নহয় । উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ঋতুৰাজ অৱস্তিয়ে জনাইছে, ”আমাৰ মতে, কোনো মুছলিম মহিলাই হিজাব পৰিধান কৰা ইছলামৰ বাধ্যতামূলক ধর্মীয় আচৰণত নপৰে ।”

উল্লেখ্য, কর্ণাটক (Karnataka) চৰকাৰে যোৱা পাঁচ ফেব্রুৱাৰীত এটা নির্দেশনা জাৰি কৰি শিক্ষা প্রতিষ্ঠানত হিজাব পৰিধান কৰা নিষিদ্ধ ঘোষণা কৰিছিল । তাৰ পাছৰ পৰাই সেই ৰাজ্যত হিজাব সম্পৰ্কত বিক্ষোভ আৰম্ভ হয় । বিশেষকৈ উদুপি জিলাত বিক্ষোভৰ ফলত স্কুল-কলেজসমূহে ৰণক্ষেত্রৰ ৰূপ ধাৰণ কৰিছিল ।

Exit mobile version