Russia-Ukraine War : প্রযুক্তিগত ত্রুটিৰ বাবে বন্ধ পোলেণ্ডৰ সীমান্ত ৰেল, বাঢ়িছে ইউক্রেইনৰ শৰণার্থীৰ ভিৰ

6233426e737c6 1

ৰুছ সেনাৰ প্রবল আক্ৰমণৰ সময়তেই বৃহস্পতিবাৰে ইউক্রেইন সীমান্তৱর্তী বহুকেইটা অঞ্চলত ৰেল চলাচল বন্ধ হৈ পৰিল পোলেণ্ডত । ফলত যুদ্ধ পৰিস্থিতিত সীমান্তত অহা শৰণার্থীসকল সমস্যাত পৰিব পাৰে বুলি শংকা কৰা হৈছে ।

পোলেণ্ডৰ পৰিকাঠামো বিষয়ক মন্ত্রী আন্দ্রেজ এডামজিকে কয়, ‘‘ৰেলৱেৰ ছিগনেলিং ব্যৱস্থাত যান্ত্রিক ত্রুটিৰ কাৰণতেই এই বিভ্রাট ঘটিছে । অতীতত ভাৰত, ছিংগাপুৰ আৰু সম্ভৱত পাকিস্তানতো এনে ঘটনা সংঘটিত হোৱা দেখা গৈছে ।’’ এটা ফৰাচী সংস্থাই পোলেণ্ডৰ ৰেলৱে ব্যৱস্থাৰ ছিগনেলিং সংক্রান্ত প্রযুক্তিগত দিশটো পৰ্যবেক্ষণ কৰে । বৃহস্পতিবাৰে সন্ধিয়া সংশ্লিষ্ট সংস্থাটোৱে জনাইছে, দ্রুত পৰিস্থিতি স্বাভাৱিক কৰাৰ চেষ্টা কৰা হৈছে । অৱশ্যে এই সময়ছোৱাত বহু ইউক্রেনীয় শৰণার্থী সীমান্তৱর্তী অঞ্চলত আবদ্ধ হৈ পৰিছে বুলি পশ্চিমীয়া সংবাদ মাধ্যমসমূহে জনাইছে ।

প্রসংগত, মঙলবাৰে যুদ্ধৰ ২০তম দিনত আন্তর্জাতিক সংস্থা ‘ইন্টাৰনেচনেল অর্গেনাইজেছন ফৰ মাইগ্রেছন’এ জনাইছিল, এই পর্যন্ত ৩০ লাখ ইউক্রেনীয় নাগৰিকে ৰুছ আক্ৰমণৰ পৰা প্রাণ ৰক্ষা কৰিবলৈ দেশ ত্যাগ কৰিছে । ইয়াৰে অধিকাংশই পোলেণ্ডত আশ্রয় লৈছে ।

Exit mobile version