ভাৰত ভ্ৰমণত জাপানৰ প্রধানমন্ত্ৰী, মোদীৰ স’তে বৈঠকত বহিল কিশিদা

Japan India

ভাৰত ভ্ৰমণৰ বাবে আহিছে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিশিদা । ভাৰত-জাপানৰ চতুৰ্দশ বাৰ্ষিক সন্মিলন উপলক্ষে দুদিনীয়া ভ্ৰমণকালত তেওঁক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দুয়োখন দেশৰ মাজত কৌশলগত আৰু অৰ্থনৈতিক নানা বিষয়ৰ ওপৰত আলোচনা হ’ব।

যোৱা বৃহস্পতিবাৰে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কিছিদাৰ ভাৰত ভ্ৰমণৰ বিষয়ে জনাইছিল। তেওঁ নিজৰ বিবৃতিত জানিছিল যে ১৯ আৰু ২০ মাৰ্চত ভাৰতত থাকিব জাপানৰ প্ৰধানমন্ত্ৰী। এইবাৰে প্ৰথম প্ৰধানমন্ত্ৰী হিচাবে তেওঁৰ স’তে মোদীৰ সাক্ষাৎ হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে ।

ইয়াৰ আগতে চাৰিবাৰ মোদীৰ স’তে সাক্ষাৎ হৈছিল কিশিদা ।অৱশ্য সেই সময়ত তেওঁ জাপানৰ বৈদেশিক মন্ত্ৰী আছিল। প্ৰধানমন্ত্ৰী হোৱাৰ পাছত এইটো তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ।

ইয়াৰ পূৰ্বে ২০১৯ চনৰ ডিচেম্বৰত তেতিয়াৰ জাপানৰ প্ৰধানমন্ত্ৰী শিনজো আবে ভাৰত ভ্ৰমণ কৰাৰ কথা আছিল। কিন্তু সেই সময়ত নাগৰিকত্ব আইনক লৈ হোৱা আন্দোলনৰ বাবে এই ভ্ৰমণ বাতিল কৰা হয়।

দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্কৰ ৭০ তম বাৰ্ষিকীত এই ভ্ৰমণক লৈ যথেষ্ট প্ৰত্যাশা আছে। সূত্ৰ অনুসৰি, এই ভ্ৰমণকালত জাপানৰ প্ৰধানমন্ত্ৰীয়ে দেশখনত দুই কোটি ৫০ লাখ ডলাৰ ঋণ বা চাৰি কোটি ২০লাখ ডলাৰৰ পাঁচ বছৰীয়া পৰিকল্পনা ঘোষণা কৰিব পাৰে।

২০২১ চনৰ অক্টোবৰত জাপানৰ প্ৰধানমন্ত্ৰী হৈছিল কিশিদা । সেই সময়ত মোদীয়ে তেওঁক ফোন কৰি শুভেচ্ছা জনাইছিল । অনাগত দিনত দুয়োগৰাকী নেতাই অৰ্থনৈতিক আৰু কূটনৈতিক দিশত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত আলোচনা তৈয়াৰ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। অৱশেষত মুখামুখি হ’ব তেওঁলোক ।

২০১৪ চনত জাপান ভ্ৰমণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । যোৱা কেইবছৰমানত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক বিভিন্ন ক্ষেত্ৰত উন্নত হৈছে। এই বছৰৰ সন্মিলন আৰু কিশিদাৰ স’তে মোদীৰ বৈঠকৰ পাছত, সম্পৰ্ক অধিক শক্তিশালী হ’ব বুলি আশা কৰা হৈছে।

Exit mobile version