Hong Kong : হংকঙত ১০ লাখৰো অধিক লোক ক’ভিডত আক্ৰান্ত!

1647678513 hongkong

হংকঙত ক’ভিড আক্ৰান্তৰ সংখ্যা ১০ লাখৰো অধিক অতিক্ৰম কৰিছে ।শুকুৰবাৰে এপি-ৰ প্ৰতিবেদনে এই দাবী কৰে । হংকঙৰ স্বাস্থ্য বিভাগৰ মতে, যোৱা ২৪ ঘণ্টাত ২০হেজাৰ ৭৯ জন লোক নতুনকৈ ক’ভিডত সংক্ৰমিত হৈছে। সংক্ৰমিত হোৱা ১০ লাখৰো অধিক লোকৰ ভিতৰত, প্ৰায় ৯৭ শতাংশ ক’ভিডৰ পঞ্চম স্ফীতিৰ ফলত হৈছে।

সংক্ৰমণ কেৱল ভয়ংকৰ স্থানত উপনীত হোৱাই নহয়, হংকঙত কৰ’নাৰ ফলত হোৱা মৃত্যুৰ ছবিও ভয়াৱহ। চহৰখনত প্ৰায় পাঁচ হেজাৰ লোকৰ মৃত্যু হৈছে। যোৱা ২৪ ঘণ্টাত,ক’ভিডৰ ফলত প্ৰাণ হেৰুৱাইছে ২৬৫ জন লোকে ।

আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে ফলত শোচনীয় হৈ পৰিছে চিকিৎসালয়সমূহৰ অৱস্থাও । বিচনাৰ অভাৱ দেখা পোৱা গৈছে । ৰোগীৰ সংখ্যা বাঢ়িছে। যোৱা বছৰেই, ক’ভিডৰ দ্বিতীয় ঢৌৰ সময়ত, যিখন ছবিখন দেখা গৈছিল সেইখন ছবি পুনৰ হংকঙলৈ ঘূৰি আহিছে।

কেৱল চিকিৎসালয়েই নহয়, মৃত্যু বাঢ়ি যোৱাৰ ফলত মৰ্গবোৰতো স্থানৰ অভাৱ হৈছে । ফলত বাধ্য হয় শিপিং কেণ্টেনাৰে মৃতদেহবোৰ ৰখা হৈছে বুলি জনাইছে প্ৰশাসনৰ সূত্ৰই।কিছুদিন আগে এই ছবি দেখা গৈছিল হংকঙৰ ফু শান মৰ্গত ।

প্ৰশাসনৰ সূত্ৰ অনুসৰি, ক’ভিডৰ ফলত যিসকলে মৃত্যু বৰণ কৰিছে বা এতিয়াও ক’ভিডত ভুগি আছে তেওঁলোকৰ বেছি ভাগেই বৃদ্ধ লোক যাক টিকাকৰণ কৰা হোৱা নাই।

এক শেহতীয়া অধ্যয়ন অনুসৰি, বিশ্বৰ প্ৰতি ১০ লাখ লোক ক’ভিডৰ ফলত মৃত্যু হোৱা সংখ্যাৰ ভিতৰত হংকং শীৰ্ষস্থানত আছে। হংকঙৰ প্ৰশাসক কেৰী লামে জনাইছে এই মুহূৰ্তত তেওঁলোকৰ আটাইতকৈ ডাঙৰ লক্ষ্য হৈছে বৃদ্ধসকলক যিমান সম্ভৱ সোনকালে টিকাকৰণ কৰা।

Exit mobile version