দাঁত সম্পর্কে ভ্রান্ত ধাৰণা

মানুহে যিমানেই বিজ্ঞানৰ অগ্রগতিৰে আগবাঢ়ি নাযাওক কিয়, এতিয়াও কিছু ক্ষেত্ৰত ভ্রান্ত ধাৰণাৰ বশৱৰ্তী হৈ আছে। এনে ভ্রান্ত ধাৰণাৰ বশৱৰ্তী হৈ আনকি বহুতাে শিক্ষিত লােকেও ৰােগৰ চিকিৎসাৰ পৰা আতৰি থাকে। দাঁতৰ ৰােগ তথা দাঁত সৰােৱাৰ ক্ষেত্ৰতাে বহুতাে লােকে এনে ধৰণৰ ভ্রান্ত ধাৰণাৰে বলি হয়।

★ দাঁত সৰালে বিশেষকৈ ওপৰৰ পাৰি দাঁত সৰালে দৃষ্টি শক্তিৰ সমস্যাই গা কৰি উঠে বুলি ভাবে। আনকি বহুতে চিকিৎসকে দাঁত সৰাবলৈ পৰামৰ্শ আগবঢ়ালেও এনে কৰিবলৈ ইচ্ছা প্রকাশ নকৰে। যদি এটা দুটা দাঁত সৰালে দৃষ্টিশক্তিৰ সমস্যাই গা কৰি উঠিলেহেঁতেন তেতিয়াহ’লে দুয়ােপাৰি দাঁত সৰিলে মানুহ অন্ধ হ’লহেঁতেন।

★ ঠাণ্ডা বা গৰম খাদ্যবস্তু খােৱাৰ ফলতাে দাঁতৰ সমস্যাই গা কৰি উঠে বুলি ভাবে। নিয়মীয়াকৈ বেছি ঠাণ্ডা বা গৰম খালেও দাঁতৰ কোনাে ক্ষতি নহয়।

★ দাঁতৰ আলুৰ পৰা যদি কোনাে কাৰণত তেজ ওলায় তেতিয়াহ’লে বহুতে ব্রাছ কৰিব নােখােজে। যদি কে’বাদিনাে একেলগে ব্রাছ নকৰে তেতিয়াহ’লে বিভিন্ন ধৰণৰ বেক্টেৰিয়া, ভাইৰাছ আদিয়ে খােপনি পুতিবলৈ এখন উপযুক্ত ক্ষেত্র লাভ কৰে। দাঁতৰ পৰা তেজ ওলালেও নিয়মীয়াকৈ ব্রাছ কৰিবই লাগিব।

★গৰ্ভাৱস্থাত দাঁত পৰিচার্য কৰাটো গুৰুত্বপূর্ণ বিষয়। পিছে কিছুমানে গৰ্ভাৱস্থাত দাঁত পৰিষ্কাৰ কৰিলে অমংগল বুলি ভাবে।

★ বহুতৰে মনত ভ্রান্ত ধাৰণা আছে যে দাঁতৰ আলুৰ পৰা তেজ ওলােৱাতাে সাধাৰণ ঘটনা। এনেয়ে তেজ ওলাই বুলি ভাবে।

Exit mobile version