চতুৰ্থ নৰ্থ লখিমপুৰ কলেজ গ্ৰন্থমেলা

নৱ প্ৰজন্মৰ মাজত কিতাপৰ ভূমিকা শীৰ্ষক আলোচনা

Screenshot 325

চতুৰ্থ নৰ্থ লখিমপুৰ কলেজ গ্ৰন্থমেলা ২১-২৮ মাৰ্চলৈ আজিৰে পৰা বিস্তৃত কাৰ্যসূচীৰে মহাবিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হৈছে । আজিৰ ডিজিটেল, ইণ্টাৰনেট যুগত নৱপ্ৰজন্মৰ গ্ৰন্থৰ প্ৰতি ধাউতি বঢ়োৱাৰ লক্ষ্যৰে অনুষ্ঠিত গ্ৰন্থমেলাখন উদ্বোধন কৰে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমান চেতিয়াই ।

বিশ্ব কবিতা দিৱস উপলক্ষে অনুষ্ঠানটোত কবিতাৰ অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানটোত সমল ব্যক্তিৰূপে উপস্থিত থাকে বিশিষ্ট কবি জীৱন নৰহ ।

উক্ত মত বিনিময় অনুষ্ঠানটো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে জীৱন নৰহৰ কবিতাত লোক সংগীতৰ প্ৰভাৱ, কবিতাৰ যাত্ৰা আদি বিভিন্ন প্ৰশ্নৰ প্ৰসংগত কবিগৰাকীৰ চিন্তা -চেতনা ব্যক্ত কৰে । তদুপৰি অনুষ্ঠানটোত শিক্ষাতত্ত্ব বিভাগৰ উদ্যোগত অনুষ্ঠিত নতুন প্ৰজন্মৰ উত্তৰণত কিতাপৰ ভূমিকা শীৰ্ষক আলোচনাচক্ৰত শিক্ষা বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে আলোচনা আগবঢ়ায় ।

আলোচনাচক্ৰত ছাত্ৰ-ছাত্ৰীসকলে উল্লেখ কৰে যে আজিৰ প্ৰজন্ম কিতাপৰ পৰা পৃথক নহয় । শিক্ষাতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক বাণীকান্ত কোঁৱৰে সঞ্চালনা কৰা আলোচনাচক্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপক ড° প্ৰবীণ গগৈয়ে উপস্থিত থাকি অনুষ্ঠানটোৰ উদ্যোক্তাসকলক শলাগ লয় ।

পুৱা ন বজাৰ পৰা সন্ধিয়া সাত বজালৈ অনুষ্ঠিত গ্ৰন্থমেলাত কিতাপ আৰু আলাপ, গ্ৰন্থ, কুইজ, দলীয় আলোচনা, কবি সন্মিলন, নিমন্ত্ৰিত বক্তৃতা সাহিত্য প্ৰতিযোগিতা, সাংস্কৃতিক সন্ধিয়া আদি অনুষ্ঠানো অনুষ্ঠিত হয় ।

Exit mobile version