চিথিলাৰ ঘোপত গোংগেয়া নদীৰ পাৰত গছৰ কুণ্ডা জব্দ বন বিভাগৰ

WhatsApp Image 2022 03 21 at 6.10.04 PM

আজি কোকৰাঝাৰ জিলাৰ চিথিলা ঘোপৰ গোংগেয়া নদীত বন বিভাগে অভিযান চলাই গছৰ কুণ্ডা জব্দ কৰে । সূত্ৰ অনুসৰি, গাঁৱৰ কেইজনমান লোকে গোংগেয়া নদীত মাছ ধৰিবলৈ যাওঁতে উক্ত গছৰ কুণ্ডাকেইটা প্ৰত্যক্ষ কৰে । গছৰ কুণ্ডাবোৰ পোকে ধৰি নষ্ট হৈ যোৱা পৰিলক্ষিত হয় । ৰাইজে গছৰ কুণ্ডাবোৰ নষ্ট হৈ যোৱাত খৰি বনাবলৈ বাবে ঘৰলৈ লৈ যাবলৈ যো-জা কৰোতে বন বিভাগে উক্ত স্থানত উপস্থিত হৈ গছৰ কুণ্ডাকেইটা জব্দ কৰি কচুগাঁও বন বিভাগৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰে ।

ADVERTISEMENT

ইপিনে, বন বিভাগৰ বিষয়া চি এম ব্ৰহ্মক প্ৰশ্ন সোধাত তেওঁ কচুগাঁৱৰ ডি এফ অ’য়ে কাঠকেইটা লৈ যাবলৈ অনুমতি দিয়ে বুলি জানিবলৈ দিয়ে । তৎক্ষণাৎ কচুগাঁৱৰ ডি এফ অ’ জনক ফোন কৰাত ডি এফ অ’ জনে ঘটনা সন্দৰ্ভত অৱগত নহয় বুলি জানিবলৈ দিয়ে । বন বিভাগৰ বিষয়াই ধন নোপোৱাৰ বাবে উক্ত গছৰ কুণ্ডাকেইটা লৈ যায় বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ।

Exit mobile version