ৰাজ্যসভাৰ নিৰ্বাচনক লৈ বিৰোধীৰ আঠজনীয়া কৌশল নিৰ্ধাৰণ সমিতি গঠন

ভোট ঐক্যবদ্ধ কৰি ৰাখত গুৰুত্ব বিৰোধী দলৰ যৌথ বিধায়িনী বৈঠকত

WhatsApp Image 2022 03 21 at 12.03.43 PM

অহা ৩১ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ বিৰোধীৰ প্ৰাৰ্থী ৰিপোন বৰাক জয়যুক্ত কৰাৰ কৌশল নিৰূপণৰ বাবে কালি এখন কৌশল নিৰ্ধাৰণী সমিতি গঠন কৰা হয় । বিৰোধী দলপতি দেৱব্ৰত শ‌ইকীয়াক অধ্যক্ষ আৰু কংগ্ৰেছৰ বিধায়ক ভৰত চন্দ্ৰ নৰহক আহ্বায়কৰূপে লৈ গঠন কৰা আঠজনীয়া সমিতিখনে প্ৰাৰ্থী বৰাৰ বিজয়ৰ সকলো হিচাপ-নিকাচ কৰিব ।

সমিতিৰ সদস্যসকল হ’ল কংগ্ৰেছৰ ৰকিবুল হুছেইন, এআইইউডিএফৰ হাফিজ বছিৰ আহমেদ কাছিমী আৰু আমিনুল ইছলাম, চিপিআই (এম)ৰ মনোৰঞ্জন তালুকদাৰ, ৰাইজৰ দলৰ অখিল গগৈ আৰু প্ৰাৰ্থী তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰা ।

কালি সন্ধিয়া কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শ‌ইকীয়াৰ সভাপতিত্বত দলকেইটাৰ মাজত এখন সভা অনুষ্ঠিত হয় । এই সভাত বিৰোধীৰ ভোট ঐক্যবদ্ধ কৰি ৰখাৰ ওপৰত আলোচনা হয় । অৱশ্যে কংগ্ৰেছৰ বিধায়ক হোৱা স্বত্ত্বেও শশীকান্ত দাসে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰোটোৱে বৈঠকত বিৰোধীৰ হিচাপ-নিকাচত সামান্য আউল লগায় ।

সেয়েহে যিকোনো প্ৰকাৰে আন ৪৩টা ভোট নিশ্চিত কৰাৰ ওপৰত বৈঠকত গুৰুত্ব আৰোপ কৰে । ৰাজ্যসভাৰ দ্বিতীয় আসনখনত জয়লাভ কৰিবলৈ ৪২টা ভোটৰ প্ৰয়োজন যদিও বিৰোধীৰ হাতত এতিয়াও এটা ভোট অতিৰিক্তভাৱে আছে ।

Exit mobile version