China plane crash : ১৩৩ জন যাত্রীসহ দক্ষিণ-পশ্চিম চীনত ধ্বংস বোয়িং ৭৩৭, স্পষ্ট নহয় হতাহতৰ সংখ্যা

123781080 chinaeasternairlinesboeing737crashvideowenflightmu5735crash132passengers

দক্ষিণ-পশ্চিম চীনত ধ্বংস এখন বিমান । ১৩৩ জন যাত্রী আছিল বিমানখনত । প্রাথমিকভাৱে এই দুর্ঘটনাত কোনো যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰাৰ সম্ভাৱনা ক্ষীণ বুলি অনুমান কৰা হৈছে । ভাৰতীয় সময় সোমবাৰে দুপৰীয়া দুর্ঘটনাৰ খবৰ পোৱা গৈছে ।

চীনৰ চৰকাৰী টিভি চেনেল চিচিটিভি-য়ে খবৰটো সম্প্রচাৰ কৰে । তেওঁলোকে জনায়, দুর্ঘটনাগ্রস্ত বিমানখন চীনৰ যাত্রীবাহী বিমান সংস্থা চাইনা ইষ্টার্ন পেছেঞ্জাৰ বোয়িং ৭৩৭ । চীনৰ উওজোউ চহৰৰ কাষত গুয়াংগজি অঞ্চলত বিমানখন ধ্বংস হোৱা দেখা গৈছে বুলি জনাইছে চেনেলটোৱে । পাহাৰৰ মাজত অৰণ্যৰে আৱৰা এই অঞ্চলত বিমানখন ভাঙি পৰাৰ পাছত তাত জুই লাগি যায় ।

সোমবাৰে ঘটনাস্থলৰ কিছু ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰিছে । সেইবোৰৰ সত্যতা পৰীক্ষণ কৰা নাই “দৈনিক অগ্ৰদূত”এ । অৱশ্যে ভিডিঅ’বোৰৰ প্রত্যেকটোতেই দেখা গৈছে এই পাহাৰীয়া অঞ্চলটোৰ পৰা ক’লা ধোঁৱা ওলাইছে ।

চীনৰ এই চৰকাৰী চেনেলটোৱে জনাইছে, ইতিমধ্যে এই অঞ্চলত উদ্ধাৰকাৰীৰ এটা দল প্ৰেৰণ কৰা হৈছে । কিন্তু বিমানৰ কোনো যাত্রীৰ প্ৰাণ ৰক্ষা পৰিছে নে নাই সেয়া এতিয়াই কোৱা সম্ভৱ নহয় ।

Exit mobile version