‘ইউক্রেইন যুদ্ধত অস্থিৰ ভাৰত’, মোদী চৰকাৰৰ প্রতি অসন্তুষ্টি প্ৰকাশ বাইডেনৰ

Modi biden 1632149425115 1632149438174

ইউক্রেইন যুদ্ধৰ পৰিস্থিতিত ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰিছে আমেৰিকা, ব্রিটেইনসহ ইউৰোপীয় ইউনিয়নৰ বহু দেশ । অষ্ট্ৰেলিয়া আৰু জাপানেও আমেৰিকাক অনুসৰণ কৰি ৰাছিয়াৰ বিৰুদ্ধে মাত মাতিছে । এনে পৰিস্থিতিত ভাৰত ব্যতিক্রম । আৰম্ভণিৰে পৰা যুদ্ধৰ বিৰোধিতা কৰি আহিলেও প্ৰত্যক্ষভাৱে ৰাছিয়াৰ বিৰুদ্ধে মাত মতা নাই ভাৰতে । এনে পৰিস্থিতিত ভাৰতৰ প্রতি কিছু ‘অসন্তুষ্টি’ প্রকাশ কৰিলে মার্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে । কোৱাডভুক্ত জাপান, অষ্ট্রেলিয়াৰ প্রশংসা কৰিলেও ভাৰতক কিঞ্চিত খোচ দিলে বাইডেনে ।

আজি জ’ বাইডেনে কয়, ‘ভাৰতৰ বাহিৰে কোৱাডে ৰাছিয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । তেনে সময়তে ভাৰত সামান্য অস্থিৰ । কিন্তু পুতিনৰ আগ্রাসন মোকাবিলাৰ ক্ষেত্রত জাপানে অত্যন্ত শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে । অষ্ট্ৰেলিয়াইও বেচ কঠোৰ পদক্ষেপ লৈছে ।’

উল্লেখ্য, আমেৰিকাই সম্প্রতি ৰাছিয়াৰ তেলৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে । তেনে সময়তে ভাৰতে ৰাছিয়াৰ পৰা কম মূল্যত তেল কিনিব । এই সম্পৰ্কত আমেৰিকা আৰু ভাৰতৰ মাজত আলোচনা হৈছিল । ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰাতো বিচাৰিছিল আমেৰিকাই । কিন্তু ভাৰত নিজৰ স্বাধীন বৈদেশিক নীতিৰ অন্তর্গত, আমেৰিকাৰ দ্বাৰা এই ক্ষেত্রত প্রভাৱিত নহয় । ইয়াৰ পূৰ্বে ৰাছিয়াৰ পৰা এছ-৪০০ মিছাইল ছিষ্টেম ক্ৰয় কৰাক লৈও আমেৰিকাই ভাৰতৰ ওপৰত চাপ সৃষ্টি কৰিছিল । তাৰ পাছতো ভাৰতে শিৰ নত নকৰে । এনে পৰিস্থিতিত বাইডেনৰ কণ্ঠত আজি অসন্তুষ্টি ধৰা পৰে ।

ইয়াৰ আগতে বিগত সপ্তাহত হোৱাইট হাউছৰ প্রেছ ছেক্রেটাৰী জেন ছাকিক প্রশ্ন কৰা হৈছিল যে ৰাছিয়াৰ পৰা ভাৰতে যে তেল কিনিব, সেই প্রসংগত জ’ বাইডেনে হস্তক্ষেপ কৰিব নেকি । তেতিয়া হোৱাইট হাউছৰ তৰফৰ পৰা কোৱা হৈছিল, ‘এনে হ’লে সংবাদমাধ্যমক জনোৱা হ’ব । সম্প্ৰতি ভাৰতৰ শীর্ঘ নেতৃত্বৰ স’তে এই বিষয়ত আলোচনা হৈছে মার্কিন কর্তাসকলৰ ।’

ইপিনে, ভাৰতৰ প্রধানমন্ত্রী মোদীয়ে সম্প্রতি জাপানৰ প্রধানমন্ত্রী ফুমিঅ’ কিশিদা আৰু অষ্ট্ৰেলিয়াৰ প্রধানমন্ত্রী স্কট মৰিছনৰ স’তে পৃথক ভার্চুৱেল বৈঠকত মিলিত হয় । জাপানৰ প্রধানমন্ত্রীৰ স’তে মোদীয়ে যৌথ বিবৃতিত কয়, যাতে ইউক্রেইনত অতি শীঘ্ৰে যুদ্ধ বন্ধ হ‌ওক । ভাৰতে এই একেই ভাষাত ইউক্রেইন যুদ্ধ বন্ধৰ পক্ষত প্ৰশ্ন কৰিছিল ৰাষ্ট্রসংঘত । অৱশ্যে প্ৰত্যক্ষভাৱে ৰাছিয়াৰ বিৰুদ্ধে একো মাত মতা নাই ভাৰতে । ৰাছিয়াৰ বিৰুদ্ধে ভোট দিয়াৰ পৰাও বিৰত থাকে ভাৰতে ।

Exit mobile version