এয়াৰ ইণ্ডিয়াৰ পাছত এইবাৰ বেংক বিক্রীৰ পথত কেন্দ্র, বৃহৎ পদক্ষেপ মোদী চৰকাৰৰ

91d6d8a0 64a9 11eb 9f9d 968ab8437512 1615378566199 1615378615964

বিমান সংস্থা এয়াৰ ইণ্ডিয়াৰ পাছত এইবাৰ আইডিবিআই বেংক বিক্রী কৰাৰ প্রস্তুতি কৰিছে চৰকাৰে । প্রকৃতপক্ষে, কেন্দ্রীয় চৰকাৰে বর্তমান এটা ৰোড শ্ব’ অর্থাৎ আইডিবিআই বেংকৰ অংশীদাৰিত্ব বিক্রীৰ অ’পেন অফাৰৰ আয়োজন কৰিছে । সোমবাৰে সংসদত এই তথ্য জনোৱা হয় ।

লোকসভাত এটা লিখিত উত্তৰত বিত্ত প্রতিমন্ত্রী ভাগৱত কাৰাদে কয়, আগ্রহ প্রকাশ (EoI) কৰাৰ আগতে বিনিয়োগকাৰীসকলক আগ্রহৰ মূল্যায়ন কৰিবৰ বাবে ৰোড শ্ব’ আয়োজন কৰা হৈছে ।

পিটিআই-ৰ খবৰ অনুযায়ী, চৰকাৰে আগন্তুক মাহৰ শেষৰ ফালে আইডিবিআই বেংকত অংশীদাৰিত্ব বিক্রী কৰিবৰ বাবে আগ্রহ প্রকাশৰ আমন্ত্রণ জনোৱাৰ পৰিকল্পনা কৰিছে । এই খবৰ প্রকাশ হোৱাৰ পাছতেই কালি আইডিবাই বেংকৰ শ্বেয়াৰ নেচনেল ষ্টক এক্সচেঞ্জত ৪.৪৩ শতাংশ বাঢ়ি ৪৪.৭৫ টকা হৈছে ।

ৰিপ’র্ট অনুযায়ী, বিনিয়োগকাৰীসকলক আকৃষ্ট কৰিবলৈ চৰকাৰে ব্যৱস্থাপনা নিয়ন্ত্রণৰ লগতে বেংকৰ প্রায় ২৬% শ্বেয়াৰ বিক্রীৰ কথা বিবেচনা কৰিব পাৰে । পাছত চৰকাৰে তাৰ সম্পূৰ্ণ শ্বেয়াৰ বিক্রীৰ কথা বিবেচনা কৰিব । অর্থনৈতিক বিষয়ক মন্ত্রীসভা কমিটীয়ে বিগত বৰ্ষৰ মে’ত আইডিবিআই বেংকত কৌশলগত বিনিয়োগ আৰু ব্যৱস্থাপনা নিয়ন্ত্রণ হস্তান্তৰৰ বাবে নীতিগত অনুমোদন দিছিল ।

চৰকাৰ আৰু এলআইচি আইডিবিআই বেংকৰ ৯৪ শতাংশৰো অধিক ইকুইটিৰ মালিক । চৰকাৰে এলআইচি-ত ৪৯.২৪ শতাংশ আৰু বেংকৰ ৪৫.৪৮ শতাংশ শ্বেয়াৰৰ মালিক । বর্তমান বেংকৰ নন-প্রম’টাৰ শ্বেয়াৰহোল্ডিং ৫.২৯ শতাংশ ।

Exit mobile version