মুক্তিৰ পাছৰে পৰা দেশৰ বক্স অফিচত ১৫০ কোটি টকাৰাে অধিক ব্যৱসায় কৰি বিশেষভাৱে চৰ্চিত হৈছে বিবেক অগ্নিহােত্রী পৰিচালিত ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনে।
এইবাৰ ‘দ্য কাশ্মীৰ ফাইলছ’ক বিশেষভাৱে প্রশংসা কৰিলে বলিউডৰ আগশাৰীৰ অভিনেতা-নির্মাতা আমিৰ খানে। সম্প্রতি সংবাদ মাধ্যমৰ এক সাক্ষাৎকাৰত আমিৰে কয় যে ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখন যি বিষয়ক লৈ নির্মিত, সেই কথা দেশৰ জনগণে অৱগত হােৱাটো ভাল।
প্রত্যেকজন ভাৰতীয়ই এইখন ছবি অৱশ্যে চোৱা উচিত মন্তব্য কৰি আমিৰে কয়, ‘ মই এতিয়াও ছবিখন চোৱা নাই, কিন্তু শীঘ্ৰে চাম। কাশ্মীৰী পণ্ডিতৰ স’তে যি হৈছিল সেয়া সঁচাকৈয়ে অত্যন্ত বেদনাদায়ক।
এই ঘটনা ভাৰতীয় ইতিহাসৰ এক হৃদয় বিদাৰক অংশ। ই গভীৰ ক্ষত সৃষ্টি কৰিছিল। মই ভাবাে এনে বিষয়ক লৈ ছবি নির্মাণ হােৱা উচিত। এই ছবিৰ সকলাে কর্মকর্তাক শুভেচ্ছা জনালাে ।’