কোম্পানীৰ লোকচানৰ বোজা গ্ৰাহকৰ মূৰত

পহিলা এপ্ৰিলৰ পৰা বিদ্যুতৰ মাচুল বৃদ্ধি, প্ৰতি ইউনিটত বাঢ়িব ৫৯ প‌‌ইচা

9f98ef68a53e6bbdf75f8a8d67ccbe47

শীঘ্ৰে মাধমাৰ পৰিব ৰাজ্যৰ বিদ্যুৎ উপভোক্তাৰ মূৰত । কিয়নো পহিলা এপ্ৰিলৰ পৰাই ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুতৰ মাচুল । প্ৰতি ইউনিটত ৫৯ প‌ইচাকৈ বৃদ্ধি পাব । এই ঘোষণা কৰিছে অসম বিদ্যুৎ নিয়ামক আয়োগৰ অধ্যক্ষ কুমাৰ সঞ্জ‌ই কৃষ্ণ‌ই । কালি আয়োগৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেলত তেওঁ কয়, “ক’ভিডৰ পৰিপ্ৰেক্ষিতত ২০২০-২১ বৰ্ষত বিদ্যুৎ বিতৰণ কোম্পানীসমূহে যথেষ্ট লোকচানৰ সন্মুখীন হ’বলগীয়াত পৰে । ২০২০ৰ ছেপ্টেম্বৰৰ পৰা ২০২১ৰ ২০ মাৰ্চলৈ কাৰ্বি লাম্পি জলবিদ্যুৎ প্ৰকল্পৰ লগতে বিভিন্ন শক্তি প্ৰকল্প বন্ধ হৈ আছিল । ফলত আমি সস্তাত পোৱা বিদ্যুৎ অত্যধিক দামত ক্ৰয় কৰিবলগীয়া হয় । ইয়াৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হয় বিদ্যুৎ বিতৰণ কোম্পানীসমূহ । এপিডিচিএল-এ আমাক মুঠ ২,১৮৯.৭০ কোটি টকাৰ এক বৃহৎ কৰ লোকচান হোৱা বুলি আবেদন দিছিল ।”

সেই বৃহৎ লোকচান পূৰাবলৈ ৩৮ শতাংশ বিদ্যুৎ মাচুল বৃদ্ধি কৰিবলগীয়া হ’ব বুলি উল্লেখ কৰি আয়োগৰ অধ্যক্ষজনে লগতে কয়, “সেই হিচাপত প্ৰতি ইউনিটত বৃদ্ধি পাব লাগে ২.৪০ টকা । আমি উক্ত আবেদনৰ ওপৰত সমীক্ষা কৰি সেই ক্ষতি মুঠ ৯৪৬ কোটি টকা হ’ব বুলি নিশ্চিত হ‌ওঁ । সেই হিচাপত ১৩.২ শতাংশ মাচুল বৃদ্ধি হয় । তেতিয়া প্ৰতি ইউনিটত বৃদ্ধি পাব ১.০৪ টকা ।”

তেওঁ পুনৰ কয়, “ক’ভিডে জুৰুলা কৰা ৰাজ্যবাসীৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে চাৰিশ কোটি টকাৰ ৰাজসাহায্য প্ৰদান কৰে । ফলত সেই বিদ্যুৎ লোকচানৰ পৰিমাণ ৫৪৬ কোটিলৈ হ্ৰাস পায় । সম্প্ৰতি এই ক্ষতি পূৰণৰ বাবে সৰ্বাধিক ৮.১৪ শতাংশলৈ বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । সেই অনুসৰি প্ৰতি ইউনিটত ৫৯ প‌ইচালৈ বৃদ্ধি কৰা হৈছে মাচুল । এই ৫৯ প‌ইচাৰ ভিতৰতে সোমাই থাকিব ফিক্সড্ আৰু এনাৰ্জী চাৰ্জ । পহিলা এপ্ৰিলৰ পৰা প্ৰতি কিলোৱাট বিদ্যুতৰ বাবদ ১০-৫০ টকালৈ ফিক্সড্ চাৰ্জ ধাৰ্য কৰা হৈছে । তেনেদৰে প্ৰতি কিলোৱাট বিদ্যুতৰ এনাৰ্জী চাৰ্জ ৪০-৫০ প‌ইচালৈ বৃদ্ধি কৰা হৈছে ।”

সংবাদমেলত সঞ্জয় কৃষ্ণ‌ই লগতে কয় যে প্ৰতি বছৰে পহিলা এপ্ৰিলৰ পৰা বিদ্যুতৰ মাচুল বৃদ্ধি কৰা হয় যদিও বিগত বৰ্ষত বৃদ্ধি কৰা হোৱা নাছিল । বিগত পাঁচ বছৰত ফিক্সড্ চাৰ্জ অলপ বৃদ্ধি হৈছে বুলি উল্লেখ কৰি তেওঁ কয়, “বিদ্যুতৰ মাচুল বৃদ্ধি নিৰ্ভৰ কৰে এশ শতাংশ ৰাজহ সংগ্ৰহ হোৱা-নোহোৱাৰ ওপৰত । যদিও বিদ্যুৎ মাচুল বৃদ্ধি হৈছে, তথাপি কিছুমান চৰকাৰী আঁচনিৰ ক্ষেত্ৰত সেই মাচুল ভিন্ন হ’ব পাৰে । তেনেদৰে অক্সিজেন উৎপাদন প্ৰকল্পসমূহৰ ক্ষেত্ৰত ২০ শতাংশ মাচুল ৰেহাই দিয়া হৈছে । তাৰ লগতে শিক্ষা তথা শিশুক খাদ্য যোগান ধৰা সাহায্যমূলক অনুষ্ঠানসমূহৰ ক্ষেত্ৰতো কিছু ৰেহাই দিয়া হ’ব । আনহাতে, ‘জীৱন ধাৰা’ৰ প্ৰতি দিনৰ বিদ্যুৎ ব্যয় এক ইউনিটৰ পৰা ১.৫ ইউনিটলৈ বৃদ্ধি কৰা হৈছে ।”

উল্লেখ্য যে পহিলা এপ্ৰিলৰ পৰা ২৫ কিলোৱাটত এনাৰ্জী চাৰ্জ পূৰ্বৰ ৬.৭৫ টকাৰ পৰিৱৰ্তে এতিয়া ৭.১৫ টকা বহন কৰিব লাগিব । তেনেদৰে ফিক্সড্ চাৰ্জ ৫০ টকাৰ পৰিৱৰ্তে ৬০ টকা বহন কৰিব লাগিব । অৰ্থাৎ সম কিলোৱাটত (ব্যৱসায়িক) ফিক্সড্ চাৰ্জ ১০ টকা আৰু এনাৰ্জী চাৰ্জ ৪০ প‌ইচা পূৰ্বতকৈ বেছি দিব লাগিব ।

তেনেদৰে শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত এনাৰ্জী চাৰ্জ প্ৰতি কিলোৱাটত ৩০ প‌ইচা ধাৰ্য কৰা হৈছে । ৰাজহুৱা পোহৰ ব্যৱস্থা, চাহ, কফি, ৰাবাৰ, তেল আৰু কয়লাৰ উদ্যোগৰ ক্ষেত্ৰত বিদ্যুতৰ এনাৰ্জী চাৰ্জ ২৫ প‌ইচা ধাৰ্য কৰা হৈছে বুলি আয়োগৰ অধ্যক্ষ‌ই জনায় ।

Exit mobile version