খটখটীত হেৰʼইনসহ মহিলা গ্ৰেপ্তাৰ

27fea403 c56f 435a ab5f 2ddfea07a26b

আজি পুৱাৰ ভাগত অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ হেৰʼইনসহ এগৰাকী মহিলা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ঘটনাৰ বিৱৰণী অনুসৰি, এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত খটখটী আৰক্ষী আৰু চিআৰপিএফৰ এক যুটীয়া বাহিনীয়ে খটখটিৰ ভাৰতীয় ষ্টেট বেংকৰ খটখটী শাখাৰ সন্মুখত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই থকা অৱস্থাত ডিমাপুৰৰ পৰা মৈৰাবাৰী অভিমূখে গৈ থকা এএছ-০২-চিচি-২১০৪ নম্বৰৰ যাত্ৰীবাহী আলট্ৰা বাছখনত তালাচী চলাই এগৰাকী মহিলা যাত্ৰীৰ জিম্মাৰ পৰা ন টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ১০৯.৩২ গ্ৰাম সন্দেহযুক্ত হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয়।

ধৃত সৰবৰাহকাৰী মহিলাগৰাকী মৰিগাঁও জিলাৰ মৈৰাবাৰী চালকাটি পথাৰ গাঁৱৰ আলেমন নেছা (৫০) বুলি চিনাক্ত কৰা হৈছে। ডিমাপুৰৰ নাগা চিমেট্ৰিৰ সমীপত অস্থায়ীভাৱে বসবাস কৰা মহিলাগৰাকীয়ে নিজৰ দেহৰ ভিতৰত কৌশলেৰে হেৰʼইনখিনি লুকুৱাই আনিছিল । উল্লেখ্য যে, জব্দকৃত হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য আনুমানিক ১০ লাখ টকা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।

Exit mobile version