প্ৰথম তিনিটা স্থানপ্ৰাপ্ত বিধায়কে এক কোটিকৈ পাব

লোক নিৰ্মাণ বিভাগৰ কামত পাৰদৰ্শী বিধায়কৰ তালিকা প্রকাশ পাব

20b88e78d71830f41501c2faafcfb75e

এইবাৰৰ পৰা পাৰদৰ্শী বিধায়কৰ তালিকা প্ৰকাশ কৰিব চৰকাৰে । বিশেষকৈ লোকনিৰ্মাণ বিভাগৰ অধীনত পথ নিৰ্মাণৰ ক্ষেত্ৰত আটাইতকৈ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা প্ৰথম তিনিজন বিধায়কক পুৰষ্কাৰৰূপে এক কোটি টকাকৈ প্ৰদান কৰা হ’ব বুলি কালি বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে ।

বিধানসভাৰ প্ৰশ্নোত্তৰ কাৰ্যসূচীত থাওৰা সমষ্টিত পথ নিৰ্মাণ সংক্ৰান্তীয় এটা প্ৰশ্নৰ উত্তৰৰ প্ৰসংগত এই ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘বিধায়ক পুঁজিলৈ পুৰস্কাৰৰূপে সেই ধন দিয়া হ’ব । বিধায়কে নিজে বিচৰা শিতানত সেই ধন ব্যয় কৰিব পাৰিব । ৰাজ্যৰ আটাইকেইটা সমষ্টিৰ সম উন্নয়নৰ লক্ষ্য আৰু উন্নয়নৰ লগত ৰাজনীতিত জড়িত কৰাৰ লক্ষ্যৰে এই কাম কৰিব বিচাৰিছো । প্ৰতিযোগিতাৰ মনোভাবে বিধায়কসকলক তেওঁলোকৰ কৰ্তব্যৰ প্ৰতি অধিক দায়িত্বশীল কৰি তুলিব ।

পুৰষ্কাৰ নোপোৱা বিধায়ক সমষ্টি ৰাইজৰ প্ৰশ্নৰ সন্মুখীন হ’ব । নিৰ্বাচনতো ইয়াৰ প্ৰভাৱ নিশ্চয় পৰিব । এই ক্ষেত্ৰত কোন বিজেপি, কোন কংগ্ৰেছ সেইবোৰ প্ৰশ্ন নাহিব । প্ৰশ্ন আহিব উন্নয়ন কোনে কিমান কৰিব পাৰিছে ।’ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে পুৰষ্কৃত বিধায়কৰ লগতে লোকনিৰ্মাণ বিভাগৰ সংশ্লিষ্ট কাৰ্যালয়টোকো পুৰষ্কৃত কৰাৰ কথা ভবা হৈছে ।

প্ৰতিটো সমষ্টিত খেলপথাৰ

ৰাজ্যৰ ১২৬টা সমষ্টিতে এখনকৈ খেলপথাৰ নিৰ্মাণৰ লক্ষ্য‌ও চৰকাৰে লৈছে বুলি মুখ্যমন্ত্ৰীয়ে কালি বিধানসভাত সদৰী কৰে । তেওঁ কয় যে ছিগনেচাৰ আঁচনিৰ অধীনত ৩৩খন ষ্টেডিয়াম নিৰ্মাণৰ পদক্ষেপ ইতিমধ্যে লোৱা হৈছে ।

প্ৰতিখন ষ্টেডিয়ামৰ নিৰ্মাণ ব্যয় ধাৰ্য কৰা হৈছে ১০ কোটি টকাকৈ; কিন্তু বিভিন্ন কাৰণত সেই পুঁজি মোকলাই দিব পৰা নাই । এই ৩৩ খনৰ লগতে যিবোৰ সমষ্টিত ষ্টেডিয়াম নাই, সেইবোৰত নতুন ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব আৰু প্ৰতিখনৰে নিৰ্মাণ ব্যয় ১২ কোটিকৈ ধাৰ্য কৰা হ’ব ।

Exit mobile version