মঙললৈ মাস্কে কেতিয়া প্ৰেৰণ কৰিব মানৱক ? পুনৰ সলনি কৰিলে দিন

skynews elon musk 5658733

বিজ্ঞানীসকলে বহু বছৰ পূৰ্বে চন্দ্ৰত ভৰি দিছিল আৰু এইবাৰ মঙলদৈ যোৱাৰ প্ৰস্তুতি চলাইছে । বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তি তথা টেছলা আৰু স্পেচ‌এক্সৰ স্বত্বাধিকাৰী এলন মাস্কৰ স্বপ্ন হৈছে মঙলত মানৱৰ বসতি স্থাপন কৰা । মাস্কে মঙলত কেৱল ভৰি দিয়াই নহয়, মঙলত বসবাসো কৰিব বিচাৰে ।

উল্লেখ্য যে পূৰ্বে মাস্কে ঘোষণা কৰি কৈছিল যে ২০২৪ত মঙল গ্ৰহত মানৱে ভৰি দিব । কিন্তু এইবাৰ মাস্কে মঙলত মানৱ অভিযানৰ দিন সলনি কৰিলে । ২০১৬ বৰ্ষত মাস্কে বিশ্ববাসীৰ আগত মঙলত মানৱৰ চহৰ নিৰ্মাণৰ পৰিকল্পনাৰ কথা সদৰী কৰিছিল । সেই সময়ত মাস্কে কৈছিল যে ২০২৪ৰ ভিতৰত মঙললৈ এক মানৱ অভিযান চলাব পৰা যাব ।

ইয়াৰ পাছৰে পৰা মাস্কৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান স্পেচ‌এক্সে মঙললৈ যোৱাৰ বাবে প্ৰয়োজনীয় ৰকেটৰ নিৰ্মাণ আৰম্ভ কৰিছিল । কিন্তু নিৰ্দিষ্ট বৰ্ষত মাস্কে এই অভিযান সম্পন্ন কৰাটো সম্ভৱ নহ’ব পাৰে ।

টুইটাৰত এই বিষয়ত উত্থাপিত এক প্ৰশ্নৰ উত্তৰ দি মাস্কে শেহতীয়াভাৱে প্ৰকাশ কৰা অনুসৰি মানুহে ২০২৯ বৰ্ষৰ ভিতৰত মঙলত ভৰি দিয়াৰ সম্ভাৱনা আছে । অৰ্থাৎ ১৯৬৯ত চন্দ্ৰত প্ৰথমবাৰ মানুহে ভৰি দিয়াৰ ৬০ বছৰৰ পাছত এইবাৰ মানৱে ভৰি দিব মঙলত ।

উল্লেখ্য যে দ্বিতীয়বাৰৰ বাবে মাস্কে মঙলত মানৱ অভিযানৰ দিন সলনি কৰিলে ।

Exit mobile version