Farooq Abdullah : আমাৰ প্রতি ‘বিদ্বেষ’ আৰু বৃদ্ধি কৰিবলৈ কাশ্মীৰ ফাইলছ-ক কৰমুক্ত কৰিছে বিজেপিয়ে : ফাৰুক

1119691 farooq

কাশ্মীৰ ফাইলছ সন্দৰ্ভত বিস্ফোৰক অভিযোগ জম্মু-কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রী ফাৰুক আবদুল্লাৰ । মানুহৰ মনত আৰু বিদ্বেষৰ সৃষ্টি কৰিবলৈ বিজেপি চৰকাৰে এই ছবিক কৰমুক্ত কৰিছে বুলি অভিযোগ ফাৰুকৰ ।

তেওঁ কয়, “তেওঁলোকে মানুহৰ মনত আৰু ঘৃণাৰ সৃষ্টি কৰিব বিচাৰিছে । যিদৰে প্রতিজন আৰক্ষীকর্মী, সেনা জোৱানক এই ছবি চাবৰ বাবে কোৱা হৈছে, যাতে তেওঁলোকে আমাক আৰু বেছি ঘৃণা কৰে । আমাৰ বিৰুদ্ধে তেওঁলোকৰ মনত আৰু বেছি বিদ্বেষ জন্মে । জামার্নীত হিটলাৰে যেনেকুৱা কৰিছিল । ৬০ লাখ ইহুদিয়ে তাৰ মূল্য পৰিশোধ কৰিবলগীয়া হৈছিল। ভাৰতত কিমানে মূল্য পৰিশোধ কৰিব লাগিব নাজানো ।”

মুক্তি পোৱাৰ পাছৰ পৰাই বিবেক অগ্নিহোত্রী পৰিচালিত ‘কাশ্মীৰ ফাইলছ’ ছবিখন বিতর্কৰ কেন্দ্রবিন্দু হৈ আহিছে । এই ছবিক লৈ দেশজুৰি পুনৰ উন্মদনা তুংগত । ছবিখনক লৈ ৰাজনৈতিক তর্ক-বিতর্কও চলিছে । ফাৰুকৰ দাবী, কাশ্মীৰ ফাইলছ প্রচাৰসর্বস্ব এখন ছবি । যি ছবিয়ে পুৰণি ক্ষতক কেঁচা কৰিছে, যি ক্ষতে দেশৰ হিন্দু, মুছলিম দুই সম্প্রদায়কেই প্রভাৱিত কৰিছিল । ইয়াৰ পাছতেই ফাৰুকে কয়, “সেই ঘটনাৰ বাবে আজিও মোৰ হৃদয়ত ৰক্তক্ষৰণ হয় ।”

কাশ্মীৰি পণ্ডিতসকলৰ স’তে কি ঘটিছিল সেয়া তদন্তৰ বাবে এটা কমিছন গঠন কৰা উচিত । একেদৰে ১৯৯০-ত কাশ্মীৰত শিখ আৰু মুছলিমসকলৰ স’তে কি হৈছিল সেই বিষয়তো তদন্ত কমিটী গঠন কৰা উচিত বুলি ধাৰণা কৰে ফাৰুকে ।

Exit mobile version