আত্মনির্ভৰতাৰ পথত দেশ, পণ্য ৰপ্তানিত নজিৰবিহীন অভিলেখ ভাৰতৰ

cargo ship

চলিত বিত্তবর্ষ শেষ হোৱাৰ আগতেই নতুন নজিৰ গঢ়িলে ভাৰতে । বাণিজ্য (Trade) ক্ষেত্রত ৪০ হেজাৰ কোটি ডলাৰৰ পণ্য ৰপ্তানি কৰাৰ লক্ষ্যমাত্রা চুলে ভাৰতে । বুধবাৰে টুইট কৰি এই খবৰ জনালে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে (Narendra Modi) । প্রথমবাৰ এনে সাফল্য অর্জন কৰিলে ভাৰতে । দেশৰ নাগৰিকৰ বাবেই এই সাফলতা লাভ কৰিছে ভাৰতে । টুইটত সেই কথা জনাইছে প্রধানমন্ত্রীয়ে ।

২০২১-২২ বিত্তবর্ষত নতুন লক্ষ্যমাত্রা স্থিৰ কৰা হয় । পূৰ্বৰ বিত্তবর্ষৰ তুলনাত ৩৭ শতাংশ বৃদ্ধি কৰি ৪০ হেজাৰ কোটি ডলাৰৰ পণ্য ৰপ্তানি কৰিবলৈ তৎপৰ হয় ভাৰত । ন দিন বাকী থাকোতেই লক্ষ্যপূৰণ হৈছে ভাৰতৰ । টুইট কৰি প্রধানমন্ত্রীয়ে জনাইছে, “বহু আশা আকাংক্ষাৰে ভাৰতে এটা লক্ষ্য স্থিৰ কৰিছিল । সেই লক্ষ্য আছিল এটা বিত্তবর্ষত ৪০ হেজাৰ কোটি ডলাৰৰ সামগ্ৰী ৰপ্তানি কৰা হ’ব ।” ইয়াৰ পূৰ্বে এনে ৰপ্তানিৰ ৰেকর্ড নাই ভাৰতৰ । প্রথমবাৰ এনে সাফল্যতা অৰ্জন কৰি উচ্ছ্বসিত প্ৰধানমন্ত্ৰী মোদী । তেওঁ লিখিছে, “আমাৰ দেশৰ সকলো কৃষক, তাঁতি, ক্ষুদ্র আৰু মধ্য বৰ্গৰ উদ্যোগৰ (MSME) স’তে জড়িতসকলক অভিনন্দন জনাওঁ । লগতে সকলো উৎপাদনকাৰী আৰু ৰপ্তানিকাৰকসকলকো আমাৰ তৰফৰ পৰা অশেষ অভিনন্দন থাকিল ।” এই কৃতিত্বক আত্মনির্ভৰ হোৱাৰ পথত এধাপ আগুৱাই যোৱা বুলি অভিহিত কৰিছে প্রধানমন্ত্রীয়ে । তেওঁ টুইটত লিখিছে,”আত্মনির্ভৰ ভাৰত গঢ়াৰ কাৰ্যত এইটো এটা গুৰুত্বপূর্ণ মাইল খুটি ।”

কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোয়েলে (Piyush Goyal) ফেব্রুৱাৰীত জনাইছিল, “২০২১ৰ এপ্রিলৰ পৰা ২০২২ৰ জানুৱাৰী পর্যন্ত প্রতি মাহে নিয়মিত তিনি হেজাৰ তিনিশ কোটি ডলাৰৰ পণ্য ৰপ্তানি কৰিছে ভাৰতে ।” ২০২২ৰ আৰম্ভণিত অ’মিক্রন আতংকৰ সময়তো ৰপ্তানি ক্ষেত্রত কোনো প্রভাৱ নপৰে । চলিত বিত্তবর্ষ শেষ হোৱাৰ এমাহ আগতেই ৩৩.৪ হেজাৰ কোটি ৰপ্তানি কৰাৰ ৰেকর্ড গঢ়িছিল ভাৰতে, যি ইয়াৰ আগতে কোনো বিত্তবর্ষত হোৱা নাই ।

ভাৰতে প্রতি ঘণ্টাত গড়ে ৪৬০ লাখ ডলাৰৰ পণ্য ৰপ্তানি কৰে । প্রতিদিনে প্রায় এশ কোটি মার্কিন ডলাৰ পণ্য ৰপ্তানি কৰে ভাৰতে । গণনা অনুযায়ী এমাহত প্রায় ৩৩ কোটি ডলাৰৰ পণ্য দেশৰ পৰা ৰপ্তানি কৰা হয় । আগন্তুক ২০২২-২৩ বিত্তবর্ষত ৫০ হেজাৰ কোটি ডলাৰ ৰপ্তানিৰ লক্ষ্যমাত্রা স্থিৰ কৰিছে ভাৰতে ।

Exit mobile version