আপুনি জানেনে ছালৰ বাবে কিমান উপকাৰী তৰমুজ !

11161958 Woman eating watermelon

img

গৰমৰ দিন ইতিমধ্যে আৰম্ভ হৈছে। বজাৰত ওলাবলৈ আৰম্ভ কৰিছে তৰমুজ। আপুনি জানেনে শৰীৰত কিছু পুষ্টি দিয়াৰ সহজ উপায় হ’ল তৰমুজ ব্যৱহাৰ। গ্রীষ্মৰ এই ফলবিধত বহু সুবিধা লুকাই আছে ।তাৰে ভিতৰত হ’ল ছালৰ উপকাৰ।

* তৰমুজ: গ্রীষ্মকালীন ফল হিচাপে তৰমুজৰ যথেষ্ট সমাদৰ আছে৷ তৰমুজৰ বাকলিৰ উপকাৰিতাৰ বিষয়ে বেছিভাগ মানুহেই অজ্ঞাত৷ তৰমুজৰ বাকলি অলপ সময় ফ্ৰীজত ৰাখি আলফুলে মুখমণ্ডলত ঘঁহি চাবচোন, ই ছালখনলৈ তৎক্ষণাৎ সজীৱতা কিয়াই আনিব।

*ধূলি আৰু প্ৰদূষণে আমাৰ মুখমণ্ডলৰ ছালৰ নােমৰ গুৰিৰ ছিদ্রসমূহ বন্ধ কৰি দিয়ে৷ ফলত ছালখনে উজ্জ্বলতা হেৰুৱাই দেখাত নির্জীৱ হৈ পৰে৷ তৰমুজৰ বাকলি নিয়মীয়াকৈ ছালত লগালে ছালখন পৰিষ্কাৰ হৈ থাকে আৰু ছালৰ আর্দ্রতা বর্তি থাকে।

*ছালৰ বলিৰেখা, কলা চোম আৰু কলা দাগ নির্মূল কৰে৷

*তৰমুজৰ বাকলি অলপমান, এডােখৰ নেমু আৰু সৰু এডােখৰ আদা আধা লিটাৰ পানীত ডুবাই ৰাখিব। ফ্রীজতাে ৰাখিব পাৰে৷ কেইঘণ্টামান এনেকৈ থৈ দিয়াৰ পিছত তৈয়াৰ হৈ গ’ল আপােনাৰ বাবে একপ্রকাৰৰ ইনফিউন্ড ৱাটাৰ৷ এই পানীয়ৰ সেৱনে গৰমত গা জুৰ পেলােৱা, শৰীৰৰ আর্দ্রতা ৰক্ষা কৰা আৰু শৰীৰৰ অতিৰিক্ত ওজন হ্রাস হােৱাত সহায় কৰে৷

Exit mobile version