ই-মেইলৰ মাধ্যমত দিল্লীত বোমা বিস্ফোৰণৰ সকীয়নি, জাৰি হাই এলার্ট

Delhi Security

বোমা বিস্ফোৰণৰে উৰাই দিয়া হ’ব ৰাজধানী দিল্লী, ই-মেইলত এই সকীয়নি পোৱাৰ পাছৰ পৰাই লাগিছে হুলস্থূল । দিল্লী আৰু উত্তৰ প্রদেশ আৰক্ষীয়ে এই ই-মেইলটো পায় । সন্ত্ৰাস গোষ্ঠী তেহৰিক-ই-তালিবানে এই ই-মেইলটো পাঠিয়াইছে বুলি দাবী । এই মেইল পোৱা মাত্রেই ৰাজধানীৰ নিৰাপত্তা কটকীয়া কৰা হৈছে ।

দিল্লী আৰক্ষীৰ স্পেচিয়েল ইউনিটৰ শীর্ষ বিষয়াই জনায়, দিল্লী আৰু উত্তৰ প্রদেশৰ আৰক্ষীৰ হাতত সম্প্রতি এটা ই-মেইল আহিছে‌ । এই ই-মেইলটোত দিল্লীত বোমা বিস্ফোৰণৰ সকীয়নি দিয়া হয় । ই-মেইলটো তেহৰিক-ই-তালিবানৰ পৰা আহিছে । তদুপৰি বহুকেইটা সংবাদমাধ্যমৰ কর্তৃপক্ষৰ তাতো এই একেই মেইল পঠিওৱা হয় ।

এই ই-মেইলটো পোৱাৰ পাছতেই কার্যত তৎপৰ হৈছে প্রশাসন । ইতিমধ্যে সমগ্ৰ দিল্লীত হাই এলার্ট জাৰি কৰা হৈছে । বিভিন্ন গুৰুত্বপূর্ণ অঞ্চলত আৰক্ষী পিকেট বহুৱা হৈছে । ৰেল ষ্টেচন, মেট্র’ ষ্টেচনসহ নানা শ্বপিং মল আৰু দর্শনীয় স্থানসমূহত চোকা দৃষ্টি আৰক্ষীৰ । অতিৰিক্ত আৰক্ষী মোতায়েন কৰা হৈছে সর্বত্র । চলিছে পৰীক্ষা-নিৰীক্ষা । কামত লগোৱা হৈছে আৰক্ষীৰ কুকুৰো । দিল্লীৰ গুৰুত্বপূর্ণ পয়েন্টসমূহৰ ওপৰত ২৪ ঘণ্টা দৃষ্টি ৰখা হৈছে ।

চহৰৰ সমস্ত গেষ্ট হাউছ, হোটেলসমূহৰ ৰেজিষ্ট্ৰাৰ ভালকৈ পৰীক্ষা কৰা হৈছে । অতিৰিক্ত পৰিমাণে নিৰাপত্তাৰক্ষীৰো ব্যৱস্থা কৰা হৈছে । ৰাজ্যৰ সীমান্ত এলাকাসমূহতো হাই এলার্ট জাৰি হৈছে ৷ হৰিয়ানা-উত্তৰপ্রদেশ সীমান্ত অঞ্চলত তালাচী অভিযান চলোৱা হৈছে । একাধিক গুৰুত্বপূর্ণ অঞ্চলত চলিছে নাকা তালাচী । প্রতিটো গাড়ীতে তালাচী চলোৱা হৈছে ।

দিল্লীৰ সৰোজিনী নগৰৰ বজাৰ সমিতিৰ সভাপতি অশোক ৰান্ধাৱাই কয়, নিৰাপত্তাৰ স্বার্থত সম্প্ৰতি সৰোজিনী নগৰ মার্কেট বন্ধ কৰা হৈছে । যদিও নিৰাপত্তাৰ স্বার্থত বজাৰ বন্ধ ৰখাৰ সিদ্ধান্তৰ কথা মানিবলৈ অপ্ৰস্তুত আৰক্ষী ।

উল্লেখ্য, ইয়াৰ পূৰ্বে ২০২০ত দিল্লীত চাৰি-পা‍ঁচজন সন্ত্ৰাসবাদী লুকুৱাই ৰখাৰ শংকা কৰা হয়‌ । সেই সময়তো দিল্লীৰ নিৰাপত্তা বঢ়োৱা হয় । জাৰি হয় হাই এলার্ট ।

Exit mobile version