কাৰ্বি জনগোষ্ঠীৰ স্বকীয় ভাষা-সাহিত্যৰ ধ্বজাবাহক কাৰ্বি লামেট আমেই আৰম্ভ

আৰম্ভ হ’ল কাৰ্বি জনগোষ্ঠীৰ স্বকীয় ভাষা-সাহিত্যৰ ধ্বজাবাহক কাৰ্বি লামেট আমেই অৰ্থাৎ কাৰ্বি সাহিত্য সভাৰ ৩০ সংখ্যক অধিবেশন । পশ্চিম কাৰ্বি আংলঙৰ ডংকা ছাৰপ’ত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উলহমালহেৰে আয়োজন কৰা অধিবেশনত আজিৰ দিনটোত শান্তিপূৰ্ণভাৱে অধিবেশন আয়োজনৰ কাম সম্পূৰ্ণ কৰাৰ লগতে দেশ তথা ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ পৰা অংশ ল’বলৈ অহা প্ৰতিনিধিসকলক অভ্যৰ্থনা সমিতিয়ে আদৰণি জনায় অধিবেশনলৈ ।

আনহাতে, অধিবেশনত বিভিন্ন প্ৰান্তৰ থলুৱা উৎপাদিত সা-সামগ্ৰী লৈ ব্যৱসায়ীসকলে বিক্ৰীৰ বাবে অস্থায়ীভাৱে স্থাপন কৰা বিপনীসমূহক সজাই পৰাই তোলা পৰিলক্ষিত হয় । সমান্তৰালকৈ কাৰ্বি পৰিষদৰ অধীনত থকা চৰকাৰী বিভাগসমূহেও তেওঁলোকৰ উৎপাদিত আৰু তৈয়াৰী সামগ্রীসমূহ বিক্ৰী বা প্ৰদৰ্শনীৰ বাবে সাজু কৰা পৰিলক্ষিত হৈছে ।

বৃহস্পতিবাৰে পুৱা প্ৰথমে কাৰ্বি লামেট আমেইৰ পতাকা উত্তোলন কৰাৰ লগতে বৰ্ণিল শোভাযাত্ৰা আদিৰে আৰম্ভ কৰিব দ্বিতীয় দিনৰ কাৰ্যসূচী লগতে আবেলি অধিবেশনৰ আয়োজক সমিতিয়ে আয়োজন কৰা মুকলি সভাত বিভিন্ন প্রান্তৰ প্ৰতিনিধি, বিভিন্ন ভাষা, সাহিত্যৰ সাহিত্যিকসকল, ছাত্ৰ সংগঠনৰ লোক, বুদ্ধিজীৱীসকল অংশগ্ৰহণ কৰাৰ বিপৰীতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙো উপস্থিত থাকিব ।

Exit mobile version