চলিত শিক্ষাবৰ্ষতে দেশৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত একক নামভৰ্তিৰ পৰীক্ষা

924701 neet exams new

বিশ্ববিদ্যালয় অনুদান আয়ােগ (ইউ জি চি)-এ যােৱা ডিচেম্বৰতে ঘােষণা কৰিছিল যে দেশৰ সকলাে কেন্দ্রীয় বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে এক অভিন্ন।

প্রৱেশ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব। ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ত দেশৰ সকলাে বিশ্ববিদ্যালয় স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অভিন্ন প্রৱেশ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰা হৈছিল।

এই সন্দৰ্ভত নির্দেশনা জাৰি কৰিলে ইউ জি চিৰ মুৰব্বী এম জগদীশ কুমাৰে। ইউ জি চিয়ে লগতে ঘােষণা কৰা অনুসৰি কেন্দ্রীয় বিশ্ববিদ্যালয়সমূহত নামভৰ্তিৰ ক্ষেত্ৰত দ্বাদশ শ্রেণীৰ প্রাপ্ত নম্বৰ বিবেচনা কৰা নহ’ব।

অহা জুলাই প্রথম সপ্তাহত কেন্দ্রীয় বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষা দেশজুৰি অনুষ্ঠিত হ’ব। এপ্রিল প্রথম সপ্তাহৰ পৰা এই পৰীক্ষাত অৱতীর্ণ হােৱাৰ বাবে আবেদন প্রক্রিয়া আৰম্ভ হ’ব।

নেচনেল টেষ্টিং এজেন্সী (এন টি এ)-য়ে ২০২২-২৩ শিক্ষাবর্ষৰ বাবে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰিব। উল্লেখ্য যে সম্প্রতি দেশত ইউ জি চিৰ নিয়ন্ত্রণাধীন কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ সংখ্যা হৈছে ৪৫ খন।

ইউ জি চিৰ সূত্ৰই লগতে জনােৱা অনুসৰি প্ৰৱেশ পৰীক্ষাৰ প্রশ্নকাকত দ্বাদশ শ্রেণীৰ পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হ’ব। মুঠ ১৩ টা ভাষাত এই পৰীক্ষা অনুষ্ঠিত হ’ব।

Exit mobile version