যুদ্ধবিধ্বস্ত ইউক্ৰেইনত আৰু এজন সাংবাদিকৰ মৃত্যু । যুদ্ধবিধ্বস্ত কিয়েভত ৰাছিয়াৰ সৈন্যৰ গুলীচালনাত ৰাছিয়াৰ সাংবাদিক ওকছানা ৰৌলিনা নিহত হৈছে।
‘আল জাজিৰা টিভি’ সূত্ৰই এই দাবী কৰে । তথ্য অনুসৰি কিয়েভৰ এটা অট্টালিকাত আছিল ওকছানা । তাত ইয়াৰ পূৰ্বে হোৱা ৰাছিয়াৰ আক্ৰমণৰ ফলত কি কি ক্ষয় ক্ষতি হৈছিল সেয়াই কেমেৰাত বন্দী কৰিছিল ওকছানাই।
সেই সময়তে,পুনৰ তাত আহি আক্ৰমণ চলাই ৰুছ সেনাই । তাতেই প্ৰাণ হেৰুৱাই ইনচাইডাৰাৰ সাংবাদিকগৰাকীয়ে।তথ্য অনুসৰি ৰাছিয়াৰ সাংবাদিকজনৰ উপৰিও এই আক্ৰমণত আন এজন সাধাৰণ নাগৰিকো নিহত হৈছে ।ইয়াৰ লগতে গুৰুতৰভাৱে আহত হৈছে আৰু দুজন ।
তেওঁলোক ওকছানাৰ স’তে একেই স্থানতে উপস্থিত আছিল। ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছত, ওকছানা যুদ্ধৰ বাতৰি কভাৰ কৰিবলৈ তাত উপস্থিত হৈছিল।
তেওঁক কিয়েভ আৰু লিভিভৰ দৰে চহৰৰ পৰা যুদ্ধৰ প্ৰতিবেদন দিয়া দেখা গৈছিল। ইনচাইডাৰৰ তৰফৰ পৰা তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ।কেইদিনমান আগতে ফক্স নিউজৰ ফটো সাংবাদিক পিয়েৰ জাকাৰ জেনৱাস্কি ৰাছিয়া-ইউক্ৰেইন যুদ্ধত নিহত হৈছিল।