পুনৰ ৰেচন-আধাৰ সংযোগৰ সময়সীমা বৃদ্ধি কেন্দ্ৰৰ ,জানি লওক নতুন ডেডলাইন

Ration Aadhar

ৰেচন কাৰ্ডৰ স’তে আধাৰ সংযোগ কৰাৰ সময়সীমা বৃদ্ধি কৰিছে কেন্দ্ৰই । চলিত বৰ্ষৰ ৩১ মাৰ্চৰ লৈকে আছিল সময়সীমা, সেইয়া ৩১ মাৰ্চ পৰ্যন্ত বৃদ্ধি কৰা হ’ল ।

মঙলবাৰে, কেন্দ্ৰই এক জাননী জাৰি কৰি কয় যে ৰেচন কাৰ্ডৰ স’তে আধাৰ সংযোগ কৰাৰ সময়সীমা বৃদ্ধি কৰা হৈছে।

পশ্চিম বংগই ইতিমধ্যে আধাৰ নম্বৰ সংযোগ কৰাৰ প্ৰক্ৰিয়াত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। তাৰ স’তে বায়োমেট্ৰিক সংযোগৰ কামও চলি আছে।

এতিয়া ইয়াৰ আধাৰত, ৰেচন দোকানত বায়োমেট্ৰিক প্ৰমাণৰ স’তে গ্ৰাহকসকলক ৰেচন বিতৰণ কৰাৰ নিয়ম আৰম্ভ হৈছে। তেনে ক্ষেত্ৰত, পৰিয়ালৰ সকলোৱে প্ৰথমে আঙুলিৰ ছাপৰ স’তে বায়োমেট্ৰিক সংযোগৰ কাম কৰিব লাগিব।

তাৰ পাছত, পৰিয়ালৰ যিকোনো লোকে গৈ গোটেই পৰিয়ালটোক ৰেচনত তুলি ল’ব পাৰে। বায়োমেট্ৰিক প্ৰমাণ অনিবাৰ্য। কিন্তু বহুক্ষেত্ৰত, আঙুলিৰ ছাপৰ নোপোৱাৰ তথ্য আহিছে । তেনে ক্ষেত্ৰত আধাৰ নম্বৰ কৈ বা ৰেচন কাৰ্ড দেখুৱাৰ কথা জনাইছে খাদ্য বিভাগে ।

উল্লেখ্য, আধাৰ আৰু ৰেচন কাৰ্ড সংযোগৰ প্ৰক্ৰিয়াটো সৰল কৰিবলৈ কেবাটাও পদক্ষেপ লৈছে ৰাজ্যই । ৰাজ্য চৰকাৰৰ খাদ্য বিভাগৰ দায়িত্বত থকা সংস্থাটোৰ কৰ্মচাৰীসকলে ঘৰলৈ আহি আধাৰ আৰু ৰেচন কাৰ্ড সংযোগ কৰিছে।

ইয়াৰ উপৰিও, গ্ৰাহকে নিজেই এই প্ৰক্ৰিয়াটো সুবিধাজনকভাৱে সম্পূৰ্ণ কৰিব পৰাকৈ ব্যৱস্থাও কৰা হৈছে। সাধাৰণ মানুহৰ সমস্যা সমাধান কৰিবলৈ অনলাইনত সংযোগ কৰিব পৰা যাব আধাৰ আৰু ৰেচন কাৰ্ড । ৰেচন কাৰ্ডৰ স’তে আধাৰ কেনেদৰে সংযোগ কৰিব? তলত পদ্ধতিটো দিয়া হৈছে।

ৰেচন কাৰ্ড আৰু আধাৰ সংযোগ:

(১) https://food.wb.gov.in/ ৱেবছাইটলৈ যাওক।

(২) তাত ‘ লিংক আধাৰ কাৰ্ড উইথ আৰচি’ বুলি এটা অপচন পাব ।তাত ক্লিক কৰক ।

( ৩) এতিয়া তাত আপোনাৰ ৰেচন কাৰ্ডৰ শ্ৰেণী আৰু নম্বৰ দিয়ক।

( ৪) এতিয়া আপুনি নিম্নলিখিত দুটা কামৰ মাজত কৰিব বিচৰাটো বাছনি কৰক।

★ আধাৰ আৰু ম’বাইল নম্বৰ আপডেট

★ কেৱল ম’বাইল নম্বৰ আপডেট কৰক

(৫) এতিয়া আধাৰ বা ম’বাইল নম্বৰ টাইপ কৰি আধাৰ লিংক কৰা ম’বাইল নম্বৰলৈ অহা অ’টিপি দি ইয়াক প্ৰমাণিত কৰক।

Exit mobile version