বৰভাগত ধুমুহাৰ তাণ্ডবত গৃহহীন হ’ল কে’বাটাও পৰিয়াল

IMG 20220324 WA0046

নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰভাগ অঞ্চলত আজি দুপৰীয়া ৰ ভাগত অহা এজাক প্ৰৱল ধুমুহাই কেবাখনো গাঁৱৰ বিস্তৰ ক্ষতি সাধন কৰে ।

উল্লেখ্য যে আজি দিনৰ ১২ মান বজাত বৰভাগৰ ওপৰেৰে পাৰ হৈ যোৱা এজাক প্ৰৱল ধুমুহাই বৰভাগৰ কালাগ ,বৰকুলহাটী,কোটালকুছি , কমাৰকুছি ,ৰাইমাধা , মৌৰা ,পাণ্ডুলা আদিকে কেবাখনো গাঁৱৰ ঘৰ দুৱাৰ ,গছ গছনি আদি নি:শেষ কৰি পেলাই ।

অঞ্চলটোৰ পাণ্ডুলাৰ কে’বাটাও পৰিয়ালৰ ঘৰৰ টিন পাত উৰুৱাই নিয়াৰ লগতে গছ -গছনি ও উভালি পেলাই ।কালাগ গাওকে ধৰি কেবাঠাইটো বিদ্যুৎৰ খুটাও হেলোনীয়া পৰে ।

Exit mobile version