কেএনপি-ত গঁড়ৰ সুৰক্ষা বৃদ্ধি কৰিবলৈ এআৰপিটিএফ-ক উপযোগী বাহন প্ৰদান আৰণ্যক-আইআৰ‌এফৰ

ইণ্টাৰনেচনেল ৰাইন’ ফাউণ্ডেছন (IRF)ৰ সহযোগত জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ আৰু গৱেষণা সংস্থা আৰণ্যকে (www.aaranyak.org) আজি ফ’ৰ-হুইল ড্ৰাইভ (4WD) মহিন্দ্ৰা ব’লেৰ’ বাহন অসম ৰাইন’ প্ৰ’টেকচন টাস্ক ফ’ৰ্চ (ARPTF), কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (KNP)ৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ প্ৰদান কৰেছে, যাতে গঁড়ৰ চোৰাং চিকাৰ আৰু ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিওফালে থকা অন্যান্য বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণৰ প্ৰচেষ্টা কঢ়িয়াই আনিব পাৰি ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (KNP)ৰ আশে-পাশে বন্যপ্ৰাণী অপৰাধ, বিশেষকৈ গঁড়ৰ চোৰাং চিকাৰ প্ৰতিৰোধ কৰিবলৈ এআৰপিটিএফক দায়িত্ব দিয়া হৈছিল । আজিৰ তাৰিখলৈকে চোৰাং চিকাৰ বিৰোধী এআৰপিটিএফ সমিতিৰ অধ্যক্ষতা কৰিছে অসম আৰক্ষীৰ বিশেষ ডিজিয়ে ।

ক্ষেত্ৰখনত এআৰপিটিএফ অভিযানৰ নেতৃত্ব দিছে এজন অতিৰিক্ত আৰক্ষী অধীক্ষক পদৰ বিষয়াই, যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰৰ বোকাখাতত অৱস্থিত । নতুন বাহনখন আনুষ্ঠানিকভাৱে অতিৰিক্ত আৰক্ষী অধীক্ষক (ARTPF), কাজিৰঙা-এনপিক হস্তান্তৰ কৰা হৈছিল ।

কেএনপি-ৰ কোহোৰা আৰক্ষী অতিথিশালাত আয়োজিত সভাখনত কেএনপি-ৰ নতুন সঞ্চালক যতীন্দ্ৰ শৰ্মা, পূৱ অসম বন্যপ্ৰাণী বিভাগৰ (EAWL) বিভাগীয় বন বিষয়া ৰমেশ গগৈ, অতিৰিক্ত আৰক্ষী অধীক্ষক (ARPTF) কাজিৰঙা-এনপি ধ্ৰুব জ্যোতি নাথ, মহকুমা আৰক্ষী বিষয়া (SDPO) বোকাখাত, কাজিৰঙা কেন্দ্ৰীয় ৰেঞ্জৰ ৰেঞ্জ অফিচাৰ অনিতা হাজৰিকাসহ আৰণ্যকৰ মহাসচিব আৰু মুখ্য কাৰ্যবাহী বিষয়া ড০ বৈভৱ কুমাৰ তালুকদাৰ, ৰাহুল দত্ত আৰু আৰণ্যকৰ গঁড় গৱেষণা আৰু সংৰক্ষণ বিভাগৰ ব্যৱস্থাপক মোঃ আৰিফ হুছেইনো উপস্থিত থাকে ।

কেএনপি-ৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই আৰণ্যকৰ দৰে চৰকাৰী সংস্থা আৰু নাগৰিক সমাজ সংগঠনৰ মাজত কাজিৰঙা–এনপিত চলি থকা দলীয় কামৰ প্ৰশংসা কৰে ।

ডিএফঅ’- পূৱ অসম বন্যপ্ৰাণী বিভাগৰ (EAWL) ৰমেশ গগৈ, বন আৰু এআৰপিটিএফ কৰ্মীসকলৰ গতিশীলতা অধিক বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে আৰণ্যকে অতিৰিক্ত আৰক্ষী অধীক্ষকৰ কেএনপিৰ কাৰ্যালয়লৈ প্ৰদান কৰা বাহনখন সমউপযোগী ।

কাজিৰঙা-এনপিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (ARPTF) ধ্ৰুব জ্যোতি নাথে উল্লেখ কৰে যে অসম আৰক্ষীয়ে কাজিৰঙা-এনপিৰ আশে-পাশে প্ৰায় পাঁচখন জিলা আৱৰা বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ৰখাৰ বাবে বোকাখাতস্থিত অতিৰিক্ত এছপিৰ দায়িত্বত অসমৰ টাস্ক ফ’ৰ্চৰ অধীনত এটা নতুন কাৰ্যালয় স্থাপন কৰিছে । তেওঁ কয় যে আজি প্ৰদান কৰা বাহনখনে তেওঁৰ দলটোক প্ৰচেষ্টা ত্বৰান্বিত কৰাত সহায় কৰিব ।

এছডিপিঅ’-বোকাখাত অনিতা হাজৰিকাই উল্লেখ কৰে যে আৰণ্যকে আগতে গোলাঘাট জিলাৰ আৰক্ষীক এখন ব’লেৰ’ কেম্পাৰ প্ৰদান কৰিছিল । যিটো তেওঁ আৰু তেওঁৰ কৰ্মচাৰীসকলে যোৱা কেবছৰত গঁড়ৰ চোৰাং চিকাৰ আৰু অন্যান্য অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ বোকাখাত উপ বিভাগত ব্যৱহাৰ কৰি আহিছে ।

আৰণ্যকৰ মুখ্য কাৰ্যবাহী বিষয়া, ড০ বৈভৱ তালুকদাৰ যি এছিয়ান ৰাইন’ৰ আন্তৰ্জাতিক ৰাইন’ ফাউণ্ডেচনৰ জ্যেষ্ঠ উপদেষ্টাও, বন্যপ্ৰাণী অপৰাধ আৰু বন্যপ্ৰাণীৰ অবৈধ ব্যৱসায় নিয়ন্ত্ৰণ ৰখাৰ বাবে আৰক্ষী আৰু বন বিষয়াসকলৰ প্ৰচেষ্টাৰ পৰিপূৰক হ’বলৈ আৰণ্যকৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে যি হৈছে বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ অবৈধ ব্যৱসায় ।

আৰণ্যকে আগতে আইআৰ‌এফ-ৰ সহযোগত কাজিৰঙা-এনপিক কমেও তিনিখন 4WD বাহন আৰু ওৰাং-এনপিক দুখন 4WD বাহন, মানস-এনপিলৈ তিনিখন বাহন, আইআৰ‌এফ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বন্যপ্ৰাণী সংৰক্ষণ নেটৱৰ্কৰ (WCN) সহযোগত কাজিৰঙা-এনপিলৈ আঠখন মটৰচাইকেল, নতুনকৈ মনোনীত ৰাইমনা-এনপিক চাৰিখন মটৰচাইকেল, নতুনকৈ নিৰ্ধাৰিত পাটকাইলৈ দুখন মটৰচাইকেল প্ৰদান কৰিছিল ।

এন‌এবিইউৰ সহযোগত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যলৈ দুখন মটৰচাইকেল আৰু গোলাঘাট আৰক্ষীলৈ চাৰিখন মটৰচাইকেল আৰু আইআৰ‌এফ-ৰ সহযোগত কাৰ্বি আংলং জিলা আৰক্ষীলৈ দুখন মটৰচাইকেল প্ৰদান কৰিছে ।

Exit mobile version