ৰঙামাটিত টোল গেট স্থাপনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ৰাইজৰ

৮০ শতাংশ নিৰ্মাণ কাৰ্য সম্পন্ন

দেৰগাঁও ৰঙামাটিত টোল স্থাপনক লৈ ব্যাপক প্ৰতিক্ৰিয়া । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ হৈছে টোল গেট । ৰাইজ আৰু স্থানীয় দল সংগঠনৰ তীব্ৰ প্ৰতিবাদৰ পাছতো ৮০ শতাংশ কাম সম্পূৰ্ণ হ’ল টোল গেটৰ ।

ইয়াৰ মাজতে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গডকাৰীয়ে ঘোষণা কৰিলে ৬০ কিলোমিটাৰ দূৰত্বৰ ব্যৱধানতহে স্থাপন কৰিব পাৰিব টোল গেট । অতিকৈ গুৰুত্বপূৰ্ণ বিষয় যে গোলাঘাট জিলাত স্থাপন কৰা ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ৰঙাজান আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙামাটি টোল গেটৰ ব্যৱধান ৫০ কিলোমিটাৰৰ ভিতৰত হ’ব । ইয়াক লৈ সৃষ্টি হৈছে তীব্র প্ৰতিক্ৰিয়া ।

কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰীৰ এই ঘোষণাৰ পাছতেই জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠনৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াসকলে তেওঁলোক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । লগতে উল্লেখ কৰিছে যে গোলাঘাট জিলাৰ ভিতৰত প্ৰায় ৮০ শতাংশ কাম সম্পূৰ্ণ হৈ উঠা‌ এই টোল গেটৰ ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষ্যণীয় হ’ব ।

Exit mobile version