Yogi Adityanath : দ্বিতীয়বাৰ উত্তৰপ্রদেশৰ মুখ্যমন্ত্রী হিচাপে শপত ল’লে যোগী আদিত্যনাথে, এইবাৰো উপমুখ্যমন্ত্রী দুজন

pm modi stage yogi adityanath oath lucknow 1648209369736 1648209369951

দ্বিতীয়বাৰ উত্তৰপ্রদেশৰ মুখ্যমন্ত্রী হিচাপে শপত ল’লে যোগী আদিত্যনাথে । শুকুৰবাৰে লক্ষ্ণৌত অটল বিহাৰী বাজপেয়ি ষ্টেডিয়ামত প্রধানমন্ত্রী নৰেন্দ্র মোদীসহ একাধিক কেন্দ্রীয় মন্ত্রী আৰু বিজেপি-ৰ তাৰকা নেতৃত্বৰ উপস্থিতিত শপত পাঠ কৰে । যোগীক শপতবাক্য পাঠ কৰায় উত্তৰপ্রদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেলে ।

প্রায় ৮৫ হেজাৰ লোকৰ উপস্থিতিত এই সভাত বলিউডৰ উপস্থিতি লক্ষ্যনীয় । ষ্টেডিয়ামজুৰি ‘নতুন ভাৰতৰ নতুন উত্তৰ প্রদেশ’ শ্ল’গানৰ প’ষ্টাৰ । অক্ষয় কুমাৰৰ পৰা কংগনা ৰাণৌত, ‘দ্য কাশ্মীৰ ফাইলছ’-ৰ পৰিচালক বিবেক অগ্নিহোত্রীৰ পৰা অনুপম খেৰৰ উপস্থিতিত দ্বিতীয়বাৰ উত্তৰপ্রদেশৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ শপত ল’লে যোগীয়ে ।

এইবাৰো যোগীৰ কেবিনেটত আছে দুজন উপমুখ্যমন্ত্রী । নিৰ্বাচনত পৰাভূত হ’লেও কেশৱপ্রসাদ মৌর্য হ’ল উপমুখ্যমন্ত্রী । আকৌ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাকৈও বিধান পৰিষদৰ সন্মতিত উপমুখ্যমন্ত্রী হৈছে দীনেশ শর্মা । যোৱাবাৰ এই পদত থকা ব্রজেশ পাঠকক এইবাৰ উপমুখ্যমন্ত্রীত্ব দিয়া হোৱা নাই ।

উল্লেখ্য, উত্তৰপ্রদেশৰ ৪০৩ বিধানসভা আসনৰ ভিতৰত ২৫৫টা আসন লৈ দ্বিতীয়বাৰ আৰম্ভ হ’ল ‘যোগী ৰাজ’ । এইবাৰ উত্তৰপ্রদেশ বিধানসভাত বিজেপিয়ে ৪১.২৯ শতাংশ ভোট লাভ কৰিছে ।

Exit mobile version