আত্মৰতিত আসক্ত লোকৰ পৰকীয় প্ৰৱণতা অধিক হয়

istockphoto 1237976141 612x612 1

img

পৰকীয়া প্রেমক লৈ বিতর্কৰ অন্ত নাই। অৱশ্যে ভাৰতৰ আইনে স্পষ্টভাৱে কৈছে যে অন্ততঃ আইনৰ দিশৰ পৰা বিবাহ বহির্ভূত সম্পর্ক বা পৰকীয়া প্রেম অবৈধ নহয়। কিন্তু কোনসকল ব্যক্তি সাধাৰণতে পৰকীয়াত লিপ্ত হয়?

কিয় মানুহ পৰকীয়া সম্পর্কত জড়িত হয়? এনেবােৰ প্ৰশ্নৰ সহজ উত্তৰ লাভ কৰা সম্ভৱ নহয়। পৰকীয়াক লৈ গৱেষকসকলৰৰ উৎকণ্ঠাৰ অন্ত নাই। ম্পেইনৰ কৰুণা ইউনিভাৰচিটিয়ে শেহতীয়াভাৱে পৰকীয়া প্রেমক লৈ এক গৱেষণামূলক অধ্যয়ন চলাইছিল।

কেনে ব্যক্তিৰ পৰকীয়া প্ৰৱণতা অধিক এই বিষয়ত বিশ্ববিদ্যালয়খনৰ গৱেষকে অধ্যয়ন চলাইছিল। গৱেষক মিগুৱেল ক্লিমেন্টৰ নেতৃত্বত চলােৱা অধ্যয়নৰ প্রতিবেদনত উল্লেখ কৰা মতে ‘নাছিছিজম’অর্থাৎ আত্মৰতি বা আত্মপ্রেমত নিমগ্ন লােকৰ পাছত পৰকীয়া প্ৰেমৰ প্ৰৱণতা অধিক হয়।

মনােবিজ্ঞানত ‘নাছিছিজম’ক সাধাৰণতে নিজকে মহান, অতি সুন্দৰ বুলি কোৱা হয়।’নাছিছিজম’ত ভােগা ব্যক্তিয়ে নিজকে শ্রেষ্ঠ বুলি ভাৱে আৰু এনে ব্যক্তিয়ে নিজক লৈ অহংকাৰৰ কৰে।

গৱেষক মিগুৱেলৰ মতে, অন্ধকাৰ ব্যক্তিত্বৰ বৈশিষ্ট্য যুক্ত লােকে অতি সহজে স্বল্পম্যাদী সম্পর্ক স্থাপন কৰিব পাৰে।পৰকীয়া প্রেমৰ প্ৰৱণতা পুৰুষৰ মাজত অধিক বুলিও গৱেষকজনে কয়।

৩০৮ জন লােকক সামৰি গৱেষক মিগুৱেলে এই অধ্যয়নটো সম্পন্ন কৰিছিল। অংশগ্রহণকাৰী লােকসকলৰ বয়স আছিল ১৮ৰ পৰা ২৫ বছৰ। মুঠ অংশগ্রহণকাৰীৰ ৭৮.৩ শতাংশ আছিল মহিলা আৰু ২১.২ শতাংশ আছিল পুৰুষ।

গৱেষক মিগুৱেলে লগতে কয় যে আত্মপ্রেমত নিমগ্ন লােকে আন ব্যক্তিৰ স’তে দীর্ঘদিনলৈ সম্পর্ক ৰক্ষা কৰিব নােৱাৰে আৰু এনে ব্যক্তিয়ে সেয়েহে বাৰে বাৰে আনৰ প্ৰেমত পৰে।কাৰােবাৰ সম্পৰ্কত থকাৰ পাছতাে অথবা বিবাহিত হলেও নাৰ্ছিছিজম’ত আক্রান্ত লােকে পৰকীয়াত লিপ্ত হয় বুলি স্পেইনৰ গৱেষকে মত প্ৰকাশ কৰিছে।

Exit mobile version