ইন্ধনৰ মূল্যবৃদ্ধিৰ প্রতিবাদত পথত নামিব কংগ্ৰেছ

26031 pti03 26 2022 000090b

কৰ’না অতিমাৰীৰ বিৰুদ্ধে যুঁজত দেশবাসীৰ আত্মবিশ্বাস বৃদ্ধি কৰিবৰ বাবে আৰু একত্রিত কৰাৰ লক্ষ্যত কাঁহি বজোৱাৰ উপায় দিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদিয়ে (Narendra Modi) । প্ৰধানমন্ত্ৰী মোদীৰ সেই উপায়ক লৈ কংগ্রেছে কম মস্কৰা কৰা নাছিল । কিন্তু এইবাৰ কংগ্রেছে মূল্যবৃদ্ধিৰ প্রতিবাদ কৰিবলৈ মোদীৰ কাঁহি বজোৱা পন্থা গ্ৰহণ কৰিব । ইন্ধনৰ মূল্যবৃদ্ধিৰ প্রতিবাদত চলিত মাহৰ শেষৰফালে গণআন্দোলনৰ পন্থা লৈছে কংগ্রেছে । তাৰেই অংশ হিচাপে অহা ৩১ মার্চত অভিনৱ কাৰ্যসূচী লৈছে দেশৰ সর্ববৃহৎ বিৰোধী দলে ।

শনিবাৰে কংগ্রেছৰ (Congress) সাধাৰণ সম্পাদকসকলৰ বৈঠকত ইন্ধনৰ মূল্যবৃদ্ধিক লৈ দেশজুৰি আন্দোলনৰ পন্থে লৈছে দলৰ শীর্ষ নেতৃত্ব‌ই । পেট্রল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্রতিবাদত চলিত মাহৰ শেষৰ পৰা গণআন্দোলন গঢ়ি তুলিব কংগ্ৰেছে । কাৰ্যসূচী অনুযায়ী অহা ৩১ মার্চ পুৱা ১১ বজাত দেশজুৰি কংগ্রেছৰ সদস্যসকলে নিজ গৃহৰ বাহিৰত গেছ চিলিণ্ডাৰ (LPG) ৰাখি তাত মালা দি ঘণ্টা, ড্রাম বা অন্যান্য সামগ্ৰী বজাব ।

ইয়াৰ পাছত দুই এপ্রিলৰ পৰা দেশৰ প্রতিখন জিলাত ‘মেহেংগাই মুক্ত ভাৰত’ অর্থাৎ ‘মূল্যবৃদ্ধিমুক্ত ভাৰত’ নামৰ কাৰ্যসূচী চলাব । জিলায় জিলায় কেন্দ্রীয় চৰকাৰৰ নীতিৰ বিৰুদ্ধে সমদল ওলিয়াব কংগ্রেছ কর্মচাৰীসকলে । সাত এপ্রিলত ৰাজ্যস্তৰত ধৰ্ণা প্রদর্শন আৰু সমদলৰ আয়োজন কৰা হ’ব ।

মূলতঃ, পাঁচ ৰাজ্যৰ নিৰ্বাচন সম্পন্ন হোৱাৰ পাছতেই পুনৰ বাঢ়িব লৈছে ইন্ধনৰ মূল্য । চিলিণ্ডাৰ প্রতি এলপিজিৰ দাম ইতিমধ্যে দেশৰ কোনো কোনো প্রান্তত হেজাৰ টকা হৈছে । পেট্রল-ডিজেলৰ দামো বাঢ়িছে তীব্ৰ গতিত । বিগত চাৰি দিনত তিনিবাৰ বৃদ্ধি পাইছে পেট্রোপণ্যৰ দাম । আজি পুৱাই ইয়াৰ প্রতিবাদত সৰৱ হৈছিল কংগ্রেছ সাংসদ ৰাহুল গান্ধী (Rahul Gandhi) ।

আজি তেওঁ টুইটাৰত লিখে, “জনসাধাৰণ মূল্যবৃদ্ধিত ত্রস্ত, ৰজা মহল তৈয়াৰীত ব্যস্ত ।” এই কাৰ্যসূচী ঘোষণাৰ আগতেই অৱশ্যে যুৱ কংগ্রেছ কৰ্মচাৰীসকল পথত নামিছে ।

মূলতঃ, পাঁচ ৰাজ্যৰ নির্বাচনৰ পাছত কংগ্রেছ দলত হুলস্থূল লাগিছে । শনিবাৰৰ সাধাৰণ সম্পাদক স্তৰৰ বৈঠকতো সেই বিক্ষোভৰ প্ৰভাৱ পৰিল হয় । আগন্তুক দিনৰ কর্মপন্থা ঠিৰাং কৰাৰ কথা আছিল । সম্প্ৰতি কংগ্রেছৰ শীর্ষ নেতা, নেতা-কর্মীসকলে পথত ওলাই অহাৰ পন্থা গ্ৰহণ কৰিছে ।

Exit mobile version