উত্তৰ প্ৰদেশৰ মাদ্ৰাছাত বাধ্যতামূলক হ’ল ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন

madrasa 620

কেৱল প্ৰাৰ্থনা নহয়, উত্তৰ প্রদেশৰ সকলো মাদ্ৰাছা এতিয়াৰে পৰা বাধ্যতামূলক হ’ব ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন । এই ঐতিহাসিক সিদ্ধান্ত ল’লে উত্তৰ প্রদেশ মাদ্ৰাছা ব’ৰ্ডে ।

ব’ৰ্ডে এই কথা প্ৰকাশ কৰি জনোৱা অনুসৰি মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীয়ে ধৰ্মীয় প্ৰাৰ্থনাৰ লগতে এতিয়াৰে পৰা ৰাষ্ট্ৰীয় সংগীত গাব লাগিব ।

ছাত্ৰ-ছাত্ৰীৰ মাজত দেশপ্ৰেম জাগ্ৰত কৰিবলৈ এই সিদ্ধান্ত লোৱা বুলি ব’ৰ্ডে সদৰী কৰিছে ।

উল্লেখ্য যে পাঁচ বছৰ পূৰ্বে সকলো মাদ্ৰাছাত স্বাধীনতাৰ দিৱসত ৰাষ্ট্ৰীয় পতাকাৰ উত্তোলন আৰু ৰাষ্ট্ৰীয় সংগীত গোৱাটো বাধ্যতামূলক কৰিছিল উত্তৰ প্রদেশ চৰকাৰে ।

Exit mobile version