দুটাবছৰৰ পাছত স্বাভাৱিক হৈছে আন্তৰ্জাতিক বিমান সেৱা ,সলনি হ’ল বহু নিয়ম

flights 1

দেশত ক্ৰমান্বয়ে হ্ৰাস পাইছে ক’ভিড সংক্ৰমণ । নিম্নমুখী হৈছে ক’ভিডগ্ৰাফ। যোৱা দুবছৰৰ পাছত, দেওবাৰৰ পৰা আৰম্ভ হ’ব নিয়মিত আন্তৰ্জাতিক যাত্ৰীবাহী বিমান সেৱা ।

সলনি হৈছে বিমানখনৰ নিয়মো । গতিকে বিদেশলৈ যাত্ৰা কৰাৰ আগতে চাই লওক নিয়মসমূহ ।

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে জাৰী কৰা জাননী অনুসৰি,

★বিমানকৰ্মীসকলে পিপিই(PPE) পৰিধান কৰাটো বাধ্যতামূলক নহয়।

★বিমানত উঠাৰ আগতে প্ৰয়োজন অনুসৰি যাত্ৰীসকলৰ সম্পূৰ্ণ পৰীক্ষা কৰিব লাগিব । ইমান দিন সেইটো বন্ধ আছিল ।

★চিকিৎসা ক্ষেত্ৰত, জৰুৰীকালীন অৱস্থাৰ বাবে বিমানখনত আৰু তিনিখন আসন খালী ৰখাৰ প্ৰয়োজন নাই।

★অৱশ্যে, বিমান যাত্ৰীসকলৰ বাবে ফেচমাস্ক, চেনিটাইজাৰ, এন-৯৫ মাস্ক বাধ্যতামূলক।

★এয়াৰলাইন কৰ্তৃপক্ষই অতিৰিক্ত এন-৯৫ মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব।

২০২০ চনৰ ২৩ মাৰ্চৰ পৰা ভাৰত আৰু বিদেশৰ মাজত বিমান যোগাযোগ স্থগিত ৰখা হৈছে। কৰ’না যুদ্ধত বহুদূৰ আগবাঢ়ি যোৱাৰ পাছত, যাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি, কে’বাখনো দেশৰ স’তে দ্বিপাক্ষিক ‘এয়াৰ বাবল’ চুক্তিৰ জৰিয়তে সীমিত সংখ্যক বিমান চলাচল আৰম্ভ কৰা হৈছিল।

৪৫ খন দেশৰ স’তে এয়াৰ বাবল চুক্তিত আৱদ্ধ হয় ভাৰত । ইয়াৰ মাজতে আন্তৰ্জাতিক বিমান সেৱা স্বাভাৱিক হ’ব পাৰে বুলি অনুমান কৰা হৈছিল । কিন্তু অ’মিক্ৰনৰ বাবে সেইয়া পিছুৱাই দিয়া হয় । ল অৱশেষত পৰিস্থিতি সম্পূৰ্ণ স্বাভাৱিক হোৱাৰ কথা ঘোষণা কৰিলে কেন্দ্ৰই।

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে এই বছৰৰ ১৯ জানুৱাৰীত এটা নিৰ্দেশনা জাৰি কৰিছিল। নিৰ্দেশনা অনুসৰি, আন্তৰ্জাতিক বিমান সেৱা ২৮ ফেব্ৰুৱাৰীলৈকে স্থগিত থাকিব।

তেতিয়াই কেন্দ্ৰৰ এটা নিৰ্দেশনাত কোৱা হৈছিল যে পৰিস্থিতি এতিয়া স্বাভাৱিক লৈ ঘূৰি অহা নাই। অৱশেষত কেইদিনমানৰ ভিতৰতে ভাল খবৰ আহিল।

Exit mobile version