ষ্ট্ৰবেৰী খেতি কৰি স্বাৱলম্বিতাৰ পথ নিদৰ্শন অভিযন্তাৰ

যুৱ প্ৰজন্মৰ আৰ্হি মফিদুল ইছলাম

ষ্ট্ৰবেৰী খেতি কৰি যুৱ সমাজৰ কাৰণে আদৰ্শ হৈ পৰিছে কলগাছিয়াৰ বাংকভাঙা গাঁৱৰ ইলেক্টৰীকেল ইঞ্জিনীয়াৰ মফিদুল ইছলাম ।

ইঞ্জিনিয়াৰিং পাছ কৰি মফিদুলে এটা কোম্পানীত চাকৰি কৰিছিল । অতিমাৰী কৰ’নাৰ বাবে মফিদুলে কোম্পানীৰ চাকৰি এৰিবলগীয়া হয় । চাকৰিটো এৰিবলগীয়া হ’য় যদিও তেওঁ হতাশ নহৈ মনোনিৱেশ কৰে নাৰ্চাৰীৰ লগতে অন্যান্য খেতিত ।

যোৱা বেলিৰ পৰা মফিদুলে গতানুগতিক খেতিৰ পৰিৱৰ্তে ষ্ট্ৰবেৰী খেতি কৰিবলৈ লয় । মুম্বাই, পোনে আদিৰ পৰা ষ্ট্ৰবেৰীৰ পুলি আনি খেতি কৰে ইছলামে । এবিঘাত তিনি-চাৰি লক্ষাধিক টকা উপাৰ্জন হয় বুলি জানিবলৈ দিয়ে অভিযন্তা খেতিয়ক মফিদুলে ।

ষ্ট্ৰবেৰী খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰা কলগাছিয়াৰ বাংকভাঙাৰ উচ্চ শিক্ষিত যুৱক মফিদুল ইছলাম এতিয়া সকলোৰে বাবে আদৰ্শ হৈ পৰিছে ।

Exit mobile version