Hijab Row : হিজাব পৰিধান কৰি ৰাজ্যৰ ব’ৰ্ড পৰীক্ষাত বহিব নোৱাৰিব : কৰ্ণাটক শিক্ষামন্ত্রী

pti02 17 2022 000049b 1645084236 1647873085

ৰাজ্যত ব’র্ড পৰীক্ষাৰ সময়তো হিজাব পৰিধান কৰি যাব নোৱাৰিব বুলি জনালে কর্নাটকৰ শিক্ষামন্ত্রী বি চি নাগেশে । সংবাদ মাধ্যমক দিয়া এটা সাক্ষাৎকাৰত তেওঁ জনায়, যিসকলে হিজাব পৰিধান কৰিব বিচাৰে, তেওঁলোকৰ বাবে নিয়মৰ কোনো ব্যতিক্রম কৰা নহ’ব । উচ্চ ন্যায়ালয়ৰ নির্দেশ মৰ্মে হিজাব নিষিদ্ধ থাকিব

হিজাব-গোচৰৰ ৰায়দানৰ বাবে কর্নাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত দ্বিতীয়জনক তামিলনাডুৰ পৰা আজি বেংগালুৰু আনিছে আৰক্ষীয়ে ।

শিক্ষাপ্রতিষ্ঠানত হিজাব নিষিদ্ধ কৰাক লৈ বিতর্ক স্বত্ত্বেও নিজৰ অৱস্থানত অটল কর্নাটকৰ বিজেপি চৰকাৰ । হিজাব নিষিদ্ধকৰণৰ সিদ্ধান্তৰ পাছত বহু ছাত্রীয়ে ৰাজ্যৰ ব’র্ড পৰীক্ষাত বহা নাই । চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈছিল বহু মুছলিম সংগঠনো । কিন্তু এতিয়াও তেওঁলোকে অৱস্থান পৰিৱৰ্তন কৰা নাই । অনেকেই বিচাৰিছে, তেওঁলোকৰ কন্যা ব’র্ডৰ পৰীক্ষা দিয়ক ।

এই সন্দৰ্ভত শিক্ষামন্ত্রী নাগেশৰ বক্তব্য, ‘‘হিজাব অবিহনে দিয়াত কোনো প্রশ্নই নাই । সকলোৱে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত মানি চলিব লাগিব । পৰীক্ষার্থীসকলে তেওঁলোকৰ ভুল বুজিব পাৰিলে, ব’র্ড পৰীক্ষাৰ দুমাহ পাছত সমতুল্য পৰীক্ষা লোৱা হ’ব । কিন্তু হিজাব পৰিধান কৰি কোনেও পৰীক্ষা দিব নোৱাৰিব ।’’

হিজাব গোচৰত ৰায়দানকাৰী ন্যায়াধীশক হত্যাৰ ভাবুকিৰ অভিযোগত তামিলনাডুত গ্রেপ্তাৰ কৰা হৈছিল জামাল মহম্মদ উছমানিক । আজি তেওঁক বেংগালুৰুলৈ লৈ যোৱা হয় । পূৰ্বেও ন্যায়াধীশক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত মূল অভিযুক্ত কোভাই ৰহমতুল্লাক গ্রেপ্তাৰ কৰিছিল আৰক্ষীয়ে ।

Exit mobile version