দেশত আৰু কমিল কৰ’না ৰোগীৰ সংখ্যা। যোৱা ২৪ ঘণ্টাত নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে ১,৪২১জন । যি শনিবাৰৰ তুলনাত ১৪ শতাংশ কম।
স্বাস্থ্য মন্ত্ৰালয়ৰ দিয়া তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ ১৪৯ জন লোকৰ মৃত্যু হৈছে। মন্ত্ৰালয়ৰ তথ্য অনুসৰি, দেওবাৰে দেশখনত সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ১৬,১৮৭ জন।
মুঠ সংক্ৰমণৰ তুলনাত সক্ৰিয় ৰোগীৰ হাৰ ০.০৪ শতাংশ। যি তুলনামূলকভাৱে যথেষ্ট কম। আনহাতে, সুস্থতাৰ হাৰ হৈছে ৯৮.৭৫ শতাংশ।
যোৱা ২৪ ঘণ্টাত, ক’ভিড আক্ৰান্ত সংখ্যা ৫৫৪ লৈ হ্ৰাস পাইছে। দেশৰ সংক্ৰমণৰ শীৰ্ষত আছে কেৰালা । তাত ২৪ ঘণ্টাত ৪৯৬ জন লোক সংক্ৰমিত হৈছে।