তুলসীবিলত অংগনবাড়ী কৰ্মী-সহায়িকাৰ অৱস্থান ধৰ্মঘটৰ লগতে কৰ্ম-বিৰতি পালন

WhatsApp Image 2022 03 28 at 12.15.26 PM

সমগ্ৰ ৰাজ্যৰ লগতে আজি গোসাইগাঁও মহকুমাৰ তুলসীবিলতো অংগনবাড়ী কৰ্মী-সহায়িকাৰ অৱস্থান ধৰ্মঘটৰ লগতে কৰ্ম-বিৰতি পালন কৰা পৰিলক্ষিত হয় ।

প্ৰতিবাদী কৰ্মীসকলে অংগনবাড়ী কৰ্মী-সহায়িকাক মাননীৰ সলনি মুজুৰি প্ৰদান, নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি প্ৰদান, মিনি কেন্দ্ৰসমূহক পূৰ্ণাংগ কেন্দ্ৰলৈ ৰূপান্তৰ কৰা, ৰাজ্যৰ আন কেন্দ্ৰসমূহৰ দৰে বিটিআৰৰ কেন্দ্ৰসমূহক সমান সুবিধা প্ৰদান, খালি হৈ থকা পদত কৰ্মৰত সহায়িকা কৰ্মী পদলৈ পদোন্নতি, অৱসৰ কৰ্মীসকলৰ বয়স বৃদ্ধি এই ছয় দফীয়া দাবী উত্থাপন কৰি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে আকাশ বতাহ উত্তাল কৰি তোলে ।

চৰকাৰে তেওঁলোকৰ দাবীসমূহ মানি নল’লে অনাগত দিনত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে অংগনবাড়ী কৰ্মী-সহায়িকাসকলে ।

Exit mobile version