পক্ষীকুল নিশ্ছিন্ন হোৱাৰ আশংকা বিজ্ঞানীৰ

জলবায়ুৰ পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ, নিৰ্দিষ্ট সময়ৰ পূৰ্বেই কণী পাৰিবলৈ লৈছে চৰায়ে

1200px Eopsaltria australis Mogo Campground

ব্যাপক পৰিৱৰ্তন ঘটিছে জলবায়ুত আৰু তাৰ প্ৰকোপতে ব্যাপকভাৱে সলনি হৈছে পৃথিৱীখন । স্বাভাৱিকতেই এই পৰিৱৰ্তনৰ প্ৰভাৱ পৰিছে পৃথিৱীৰ জীৱ-জগতত । সম্প্ৰতি পোহৰলৈ আহিছে যে চৰাইবোৰে নিৰ্দিষ্ট সময়ৰ পূৰ্বেই কণী পাৰিবলৈ আৰম্ভ কৰিছে । ৭২টা প্ৰজাতিৰ চৰাইৰ ওপৰত পৰীক্ষা চলাই সম্প্ৰতি পক্ষী বিশেষজ্ঞসকলে এই কথা জনাইছে ।

দাবী কৰা হৈছে যে কেৱল কণী পৰাই নহয়, পৰিৱৰ্তন ঘটিছে পক্ষীকুলৰ খাদ্যৰূপে চিহ্নিত কীট-পতংগৰ স্বভাৱতো । বিজ্ঞানীসকলৰ মতে, এই ধৰণৰ পৰিৱৰ্তনৰ ফলতে সম্প্ৰতি চৰাইৰ জনসংখ্যা উদ্বেগজনক হাৰত কমিছে ।

উত্তৰ আমেৰিকাৰ চিকাগোত গৱেষকৰ দল এটাই চৰাইৰ ৭২টা প্ৰজাতিক পৰ্যবেক্ষণ কৰিছে । দেখা গৈছে যে যোৱা শতিকাত বছৰৰ যি নিৰ্দিষ্ট সময়ত সেই চৰাইবোৰে কণী পৰা দেখা গৈছিল, সিবোৰৰ ভিতৰত এক-তৃতীয়াংশ পক্ষীৰ ক্ষেত্ৰতে সম্প্ৰতি সেই সময় প্ৰায় ২৫ দিন আগুৱাই আহিছে ।

‘এনিমেল ইক’লজী’ জাৰ্ণেলত প্ৰকাশিত এক গৱেষণা পত্ৰত এই কথা জনাইছে গৱেষকসকলে । ঠিক কি কাৰণত পক্ষীকুলৰ এই স্বভাৱৰ পৰিৱৰ্তন ঘটিছে, সেয়া অৱশ্যে এতিয়াও জানিব পৰা নাই বিজ্ঞানীসকলে । অৱশ্যে সেই চৰাইবোৰৰ পৰিভ্ৰমী চৰিত্ৰ আৰু অন্যান্য খুঁটি-নাটি বিষয়বোৰ চালি-জাৰি চালে সেয়াও বুজা সম্ভৱ হ’ব বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছে ।

এই পৰিস্থিতি মে গোলকীয় উষ্ণতাৰ ফল সেই বিষয়ত বিজ্ঞানীসকল নিশ্চিত হৈছে । তেওঁলোকে জনাইছে যে ঠিক একেদৰে কীট-পতংগৰ স্বভাৱো অনেক সলনি হৈছে । ইয়াৰো বিৰূপ প্ৰভাৱ পৰিছে পক্ষীকুলৰ জীৱনত । কাৰণ যিবোৰ চৰাইৰ মাজত বিজ্ঞানীসকলে আগতীয়াকৈ কণী পৰাৰ বিষয়টো লক্ষ্য কৰিছে, সেইবোৰ চৰায়ে পোক-পৰুৱা খাই পেট ভৰায় । পোক-পৰুৱাৰ উপৰি গছৰ পাতৰ কৰি, ফল-ফুল আদি দিশবোৰো বিশ্লেষণ কৰি চাইছে বিজ্ঞানীসকলে ।

ইয়াৰ পূৰ্বে ২০১৯ৰ এক গৱেষণাত দেখা গৈছিল যে যোৱা শতিকাৰ ৭০ৰ দশকৰ পৰা ধৰিলে কেৱল কানাডা আৰু আমেৰিকাতে চৰাইৰ সংখ্যা কমেও ৩০ লাখ কমিছে । এই বিষয়টোৱেই পক্ষীবিদসকলক চিন্তিত কৰি তুলিছে ।

Exit mobile version