পশ্চিম ইউৰোপত বাঢ়িছে ইউক্ৰেনীয় শৰণাৰ্থীৰ ভিৰ

refugee

কিয়েভকে ধৰি কেবাখনো চহৰত ৰাছিয়াৰ সামৰিক অভিযান অব্যাহত । ইয়াৰ মাজতে, জেলেনস্কিৰ সেনাই দাবী কৰে যে ৰাজধানী কিয়েভত যুঁজি থকা ৰাছিয়াৰ সেনাৰ দুটা গোটে ডাঙৰ ক্ষতিৰ সন্মুখীন হৈছে।

দুয়োটা দলক বেলাৰুছলৈ স্থানান্তৰ কৰা হৈছে। অৱশ্যে,এই দাবী আৰু প্ৰত্যুত্তৰৰ মাজত হোৱা ভয়ংকৰ যুদ্ধত সাধাৰণ লোকসকল গৃহহীন হৈ পৰিছে। ইউৰোপৰ আন প্ৰান্তত ইউক্ৰেইনৰ চুবুৰীয়াসকলৰ ওপৰত চাপ পৰিবলৈ আৰম্ভ কৰিছে।

তথ্য অনুসৰি যুদ্ধবিধ্বস্ত দেশসমূহৰ পৰা পলায়ন কৰা বহুলোকে ফ্ৰান্স, স্পেইন আৰু পৰ্তুগালত আশ্ৰয় লোৱা আৰম্ভ কৰিছে।

আৰম্ভণিতে, ইউক্ৰেইনৰ চুবুৰীয়া দেশ পোলেণ্ড, হাংগেৰী, ৰোমানিয়া, শ্লোভাকিয়া, মলদোভাৰ সীমাত শৰণাৰ্থীৰ ভিৰ হৈ পৰিছিল । কিন্তু এইবাৰ পশ্চিম ইউৰোপৰ বহুতো দেশৰ ওপৰত চাপ পৰিবলৈ আৰম্ভ কৰিছে।

এতিয়ালৈকে,কেৱল ফ্ৰান্সতে ৩০ হেজাৰ শৰণাৰ্থীয়য়ে আশ্ৰয় লৈছে। ফ্ৰান্সৰ গৃহ আৰু গৃহ নিৰ্মাণ মন্ত্ৰী ইমানুৱেল ৱাৰ্গনে জনাইছে ,ফ্ৰান্স চৰকাৰে শৰণাৰ্থীসকলৰ বাবে খাদ্য আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰীৰ ব্যৱস্থা কৰিছে।তেওঁ কয়, “আমি সাম্প্ৰতিক পৰিস্থিতিত এক লাখ শৰণাৰ্থীক আশ্ৰয় আৰু খাদ্য প্ৰদান কৰাৰ প্ৰস্তুতি চলাই আছো।”

ফ্ৰান্সৰ মন্ত্ৰীজনে জনাইছে যে বহুতো শৰণাৰ্থীয়ে স্পেইন আৰু পৰ্তুগালতো আশ্ৰয় লৈছিল। ২৪ ফেব্ৰুৱাৰীত পুটিনৰ বাহিনীয়ে ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰে। তেতিয়াৰ পৰা, মানুহে যুদ্ধবিধ্বস্ত দেশৰ পৰা পলাই গৈছে। ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী বিভাগৰ (ইউএনএইচচিআৰ) মতে, এতিয়ালৈকে ৩৯ লাখ লোকে দেশ ত্যাগ কৰিছে।

সৰ্বাধিক সংখ্যক শৰণাৰ্থী পোলেণ্ডত আশ্ৰয় লৈছে। ইয়াৰ উপৰিও, হাংগেৰী, ৰোমানিয়া, শ্লোভাকিয়া আৰু মলদোভাৰ সীমা অসহায় লোকৰ দ্বাৰা উপচি পৰিছে। ৰাষ্ট্ৰসংঘৰ মতে, যুদ্ধ দীৰ্ঘদিন ধৰি চলিলে আৰু ৫০ লাখ লোকে ইউক্ৰেইন ত্যাগ কৰিব পাৰে।

Exit mobile version