ভাৰতত এয়ে প্ৰথম, গুজৰাটত তীখাৰে নিৰ্মাণ কৰা হ’ল পথ

steelslag 1648313550793 1648313568636

দেশৰ ইতিহাসত এয়ে প্ৰথম । দীৰ্ঘ গৱেষণাৰ পাছত গুজৰাটত নিৰ্মাণ কৰা হ’ল তীখাৰে তৈয়াৰী পথ । এই পথৰ নাম ৰখা হৈছে গুজৰাট ষ্টীল ৰোড । ছুৰাটৰ হাজিৰা ঔদ্যোগিক অঞ্চলত নিৰ্মাণ কৰা হ’ল এই ব্যতিক্ৰমী পথ ।

প্ৰসংগত উল্লেখ্য যে দেশত প্ৰতি বছৰে বিভিন্ন তীখা কাৰখানাৰ পৰা ১৯ নিযুত টন বৰ্জ্য নিৰ্গত হয় । এই বৰ্জ্যসমূহত এইবাৰ পুনৰ্ব্যৱহাৰ কৰি কেন্দ্ৰীয় চৰকাৰে ছুৰাটত নিৰ্মাণ কৰিলে তীখাৰ পথ । তীখা আৰু নীতি আয়োগৰ সহায়ত কেন্দ্ৰীয় পথ গৱেষণা প্ৰতিষ্ঠানে তীখাৰে এই পথ নিৰ্মাণ কৰিলে ।

প্ৰায় এক কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথত আছে মুঠ ছটা পথ । ছুৰাটত পৰীক্ষামূলকভাৱে পথ নিৰ্মাণৰ পাছত এতিয়াৰে পৰা দেশৰ বিভিন্ন ৰাজ্যত এই ধৰণৰ তীখাৰ পথ নিৰ্মাণ কৰা হ’ব । বিশেষকৈ ঘাইপথসমূহ তীখাৰে নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে ।

প্ৰকাশিত বাতৰি অনুসৰি তীখাৰে তৈয়াৰ কৰা পথৰ ভাৰ বহনৰ ক্ষমতা অধিক হয় আৰু আন পথৰ তুলনাত তীখাৰ পথৰ ঘনত্ব ৩০ শতাংশ কম হয় । বাৰিষাৰ সময়তো তীখাৰ পথৰ ক্ষতিসাধন তুলনামূলকভাৱে কম হ’ব । ভৱিষ্যতে আন অঞ্চলত তীখাৰ বৰ্জ্যৰে পথ নিৰ্মাণ কৰিলে নিৰ্মাণ ব্যয় ৩০ শতাংশ পৰ্যন্ত হ্ৰাস পাব বুলিও কেন্দ্ৰীয় পথ গৱেষণা প্ৰতিষ্ঠানে জানিবলৈ ‌দিয়ে ।

Exit mobile version