আমাৰ সামাজিক-ৰাজনৈতিক সকলো দিশতে মৰ্যাদা-পৰম্পৰাসমূহৰ কি ভয়ংকৰ ধৰণে অৱক্ষয় ঘটিছে, ৰাজ্যসভা নিৰ্বাচনৰ কুচকাৱাজে সেয়া দুৰ্ভাগ্যজনকভাৱে আকৌ এবাৰ উদঙাই দিলে । সম্প্ৰতি ৰাজনৈতিক নেতাসকলৰ ভাষ্যই দিছপুৰতে চৰম সংশয় আৰু অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰিছে । স্বাধীনতাৰ পৰৱৰ্তী সাত দশকত দেশৰ ৰাজনীতিৰ উত্তৰণ ঘটিব লাগিছিল যদিও তাৰ পৰিৱৰ্তে চৰম অৱনতিহে ঘটিল । বিধায়ক-সাংসদ কিনা-বেচাও যেন স্বাভাৱিক প্ৰক্ৰিয়াত পৰিণত হ’ল । গতিকে হয় ৰাজনীতিৰ শ্ল’গান যে ‘ফাক্কা আৱাজ’ৰ বাহিৰে আন একো নহয় সেয়া স্পষ্ট ।
অলপতে খালি হ’বলগীয়া অসমৰ ৰাজ্যসভাৰ দুখন আসনৰ বাবে ইতিমধ্যে তিনিজন প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে । বিধানসভাৰ আসনৰ সংখ্যাৰ হিচাপত এই দুই আসনত শাসক পক্ষৰ এজন আৰু বিৰোধী পক্ষৰ এজন প্ৰাৰ্থী জয়ী হ’ব লাগে । কিন্তু শাসক পক্ষই বিজেপিৰ পৰা প্ৰথম পছন্দৰ আৰু ইউপিপিএলৰ পৰা দ্বিতীয় পছন্দৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । ইয়াৰ বিপৰীতে বিৰোধীয়ে উমৈহতীয়া প্ৰাৰ্থীৰূপে কংগ্ৰেছৰ বিদায়ী সাংসদকে প্ৰক্ষেপ কৰিছে । তাৰ লগে লগে নিৰ্বাচন অৱধাৰিত হৈ পৰে ।
প্ৰথমখন আসনত শাসকীয় প্ৰাৰ্থী অনায়াসে জয়ী হোৱাৰ সমান্তৰালভাৱে ৪২টা ভোটেৰে দ্বিতীয়খন আসনত বিৰোধী প্ৰাৰ্থীজনৰো জয় দেখাত নিশ্চিত হ’বই লাগে; কিন্তু দুয়ে দুয়ে চাৰি নোহোৱাটোৱে আজিৰ ৰাজনীতি ! গতিকে শাসক পক্ষই দুয়োখন আসনত জয়ী হ’বলৈ হ’লে প্ৰতক্ষ্য অথবা পৰোক্ষভাৱে বিৰোধী বিধায়কৰ সমৰ্থন লাভ কৰিবই লাগিব । ফলস্বৰূপে পুনৰ বিধায়ক কিনা-বেচাৰ বজাৰ মুকলি হৈ পৰিছে ।
বিগত দিনকেইটাত দিছপুৰৰ ভিতৰে-বাহিৰে তাৰেই উকমুকনি অনুভূত হৈছে । ধনসৰ্বস্ব ৰাজনীতিত চাহিদা অনুসৰি যোগানৰো অভাৱ নাই; কেৱল মূল্য মন পছন্দৰ হ’লেই হ’ল । সকলো জানি-শুনিও কাৰোবাৰ ন্যস্তস্বাৰ্থ পূৰণৰ বাবে শাসক-বিৰোধী উভয় পক্ষই দেখদেখকৈয়ে এনে এক অনৈতিক নিকৃষ্ট কাৰ্যত লিপ্ত হোৱাটো অসমবাসীৰ বাবেই দুৰ্ভাগ্যজনক । অথচ এক সৎ আৰু সুস্থ গণতান্ত্ৰিক পৰম্পৰা ৰক্ষাৰ সম্পূৰ্ণ সুযোগ আছে । নেতৃত্ববাহীসকলৰ কাৰ্যকলাপে সমাজলৈ দৃষ্টান্ত সৃষ্টি কৰি থৈ যায় । গতিকে য’ত সুযোগ আছেই তাত অপ্ৰয়োজনীয়ভাৱে অনৈতিক দৃষ্টান্ত থৈ যোৱাৰ কাৰণ কি ? অৱশ্যে আমি সাধাৰণ নাগৰিকে প্ৰশ্ন কৰিলেও নেতৃত্ববাহীসকলে তেওঁলোকৰ স্বাৰ্থ অনুযায়ীহে পদক্ষেপ গ্ৰহণ কৰিব ।
এই কথা ঠিক যে ৰাজ্যসভাৰ এই দ্বিতীয়খন আসনত জয় বা পৰাজয়ে বিজেপি অথবা কংগ্ৰেছৰ ৰাজনীতিত বিশেষ কোনো প্ৰভাৱ পেলাব নোৱাৰে । দেশৰ ৰাজনীতিত বাদেই, অসমতো ই কোনো প্ৰভাৱ নেপেলায় । কিয়নো অতি নগন্য সংখ্যকক বাদ দি অসমৰ ৰাজ্যসভাৰ সাংসদসকলে নিজৰ আৰু পৰিয়ালৰ বাহিৰে দেশ বা ৰাজ্যলৈ কোনো অৰিহণা যোগাবলৈ সক্ষম হোৱা নাই । অধিকাংশৰে অস্তিত্ব জনসংযোগৰ ‘টেলি টিপছ’ৰ পাততে আৱদ্ধ । দুই-এগৰাকী আকৌ নিজ দলেই জৰুৰী সময়তো বিচাৰি নাপায়, অসমবাসীয়ে আৰু ক’ত পাব !
যদিহে এইসকল অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰয়োজনীয় বিষয়সমূহৰ লগতে দেশৰো গুৰুত্বপূৰ্ণ বিষয়সমূহ দাঙি ধৰিব পাৰিলেহেঁতেন, তেন্তে ৰাইজৰো তেওঁলোকৰ প্ৰতি আগ্ৰহ হেৰাই নগ’লহেঁতেন । এনে ব্যৰ্থতাৰ পাছতো সেইসকলক ৰাইজৰ ধনেৰে পোহপাল দি থকা হৈছে । বিভিন্ন কাৰণত ৰাজনৈতিকভাৱে সংস্থাপিত হৈ ৰাজভোগ কৰাৰ বাহিৰে তেওঁলোকৰ কোনো ভূমিকা নাই । গতিকে এনে এক নিৰ্বাচনৰ নামত দিছপুৰৰ পৰিৱেশ প্ৰদূষিত কৰি তোলা হৈছে কি কাৰণে ? কাৰোবাৰ ৰাজনৈতিক আকাংক্ষা পূৰণ অথবা আন কাৰোবাৰ নম্বৰ বঢ়োৱাৰ দৌৰত এনেদৰে মন-মৰ্যাদা-পৰম্পৰাক বলি দিয়া হৈছে ।
কিনা-বেচা নহ’লে শাসক-বিৰোধী উভয়ে এখনকৈ আসনত জয়ী হোৱাটো নিশ্চিত হৈ থকা স্বত্বেও ৰাজ্যসভা নিৰ্বাচনৰ ঘোষণাৰ পূৰ্বৰে পৰা শাসক পক্ষৰ বৰমূৰীয়াসকলে দাবী কৰি আহিছে যে দুয়োখন আসনত তেওঁলোকেই জয়ী হ’ব । স্বয়ং মুখ্যমন্ত্ৰীৰ এনে দৃঢ় দাবীয়ে ইতিমধ্যে দুৰ্বল বিৰোধীক অধিক জোকাৰি গৈছে । পূৰ্বতে মন্ত্ৰীৰূপে তেওঁ এনে দৃষ্টান্ত দেখুৱাই থৈছে । তেতিয়া অৱশ্যে কিনাসকল কংগ্ৰেছত আৰু বিক্ৰী যোৱাসকল বিজেপিত আছিল । আজিৰ ঠিক বিপৰীত দিশত । ফলস্বৰূপে বিৰোধী ঘাইকৈ কংগ্ৰেছ আৰু এআইইউডিএফ নিজক লৈয়ে সন্দিহান ।
ইতিমধ্যে উভয় দলৰ একাধিক বিধায়কে বিজেপিত চামিল হৈছে । আন বহুসংখ্যক দলত্যাগ কৰিবলৈ উন্মুখ হৈ আছে । গতিকে নিজৰ ঘৰখনকে চম্ভালিব নোৱাৰা এই দুই দলে পৰস্পৰৰ স্থিতিক লৈয়ে কেৱল নহয়, নিজৰ দলক লৈও পদে পদে শংকাত ভুগিছে । কোনেও কাকো বিশ্বাসত ল’ব নোৱাৰা পৰিৱেশ । ধন আৰু ক্ষমতাৰ লোভত এইসকল এইদৰে আচ্ছন্ন হৈ আছে যে নিশাটোৰ ভিতৰতে কোনে কাক ঠগি লুটি-বাগৰ মাৰে, অতি ঘনিষ্ঠজনেও নাজানে । গতিকে এনে এক অবিশ্বাসৰ শ্বাসৰুদ্ধকৰ পৰিৱেশত প্ৰতিটো মুহূৰ্ত কটাইছে বিৰোধী বিধায়কসকলে । পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে তেওঁলোকে হয়তো নিজকে প্ৰশ্ন কৰিবলৈ লৈছে – ময়ো যাম নেকি ? শাসক পক্ষই অতি কৌশলেৰে আৰু অতি নিপুণভাৱে এনে মনস্তাত্বিক চাপ সৃষ্টি কৰি নিৰ্বাচনৰ পূৰ্বেই বিৰোধীক ধৰাশায়ী কৰাত সফল হৈছে ।
কংগ্ৰেছৰ সমস্যা কেৱল এয়ে নহয় । বিধায়ক কিনা-বেচা কৰাৰ দৰে নিকৃষ্ট কাৰ্য বিৰোধ কৰাৰ কোনো নৈতিক অধিকাৰ তেওঁলোকৰ নাই । কিয়নো কংগ্ৰেছৰ শাসনত, কংগ্ৰেছৰ নেতৃত্বতে সম্পূৰ্ণ মুকলিকৈ বিজেপি আৰু এআইইউডিএফৰ বিধায়কক ধনৰ বিনিময়ত শাসক দলৰ কৰ্মীক ভোট দিওৱা হৈছিল । তেনে কাৰ্যক লৈ কংগ্ৰেছে গৌৰৱ কৰি থৈছে । গতিকে এতিয়া তেওঁলোকৰ বিধায়কক যদি বিজেপিয়ে কিনা-বেচা কৰে, তেন্তে কংগ্ৰেছে মাত মাতিব কেনেকৈ ?
ইতিমধ্যে কোৱা হৈছে যে নেতাসকলৰ কাম-কাজে দৃষ্টান্ত সৃষ্টি কৰি থৈ যায় আৰু সিয়েই পাছলৈ খেদি ফুৰে । আৰু বিধায়কসকলৰো কাণ্ড চাওক । এটা দলৰ প্ৰাৰ্থীৰূপে নিৰ্বাচনত অৱতীৰ্ণ হৈ বিধায়ক পদ অধিকাৰ কৰাৰ পাছতে ধন আৰু ক্ষমতাৰ লালসাত আন দলৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিবলৈ তেওঁলোকে লজ্জাবোধ নকৰে । কোন কোন দলৰ সমৰ্থক অথবা নেতা-কৰ্মী হ’ব সেয়া এজন নাগৰিকৰ নিজস্ব পছন্দ আৰু অধিকাৰৰ কথা । তাত কাৰোবাৰ মাত মতাৰ অধিকাৰ নাই; কিন্তু এটা ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰূপে এক নিৰ্দিষ্ট নীতি-আদৰ্শৰ দলক অবৈধভাৱে সমৰ্থন দিয়াটো ৰাইজক প্ৰতাৰণা কৰা নহয়নে ?
যিসকল বিক্ৰী যাবলৈ সাজু হৈছে, তেওঁলোকে পূৰ্বৰ এনে কাৰ্যত লিপ্ত বিধায়কৰ স্থিতিলৈ মনত পেলাব পাৰে । মন্ত্ৰীৰ গাড়ীত উঠি আহি কংগ্ৰেছক ভোট দিয়া বিজেপিৰ তদানীন্তন তিনিওগৰাকী বিধায়ক ৰাজনীতিৰ পথাৰৰ পৰাই সম্প্ৰতি অদৃশ্য হৈ পৰিছে ।শাসক দলৰ হাতত বিক্ৰী যোৱাৰ পৰৱৰ্তী ২০১১ৰ বিধানসভা নিৰ্বাচনত আটাইকেইগৰাকীয়ে দল আৰু ৰাইজৰ দ্বাৰা প্ৰত্যাখিত হ’বলগীয়া হয় ।
তেনেদৰেই এআইইউডিএফৰ বয়োজ্যেষ্ঠ তথা সন্মানীয় বিধায়কজনো ৰাজনৈতিক দৃশ্যপটৰ পৰাই নিশ্ছিন্ন হৈ পৰিল । আনহাতে, পৰৱৰ্তী আন এটি ৰাজ্যসভা নিৰ্বাচনত অনৈতিক কাৰ্যত লিপ্ত হোৱা বিজেপিৰ বৰ্তমানৰ অন্যতম জ্যেষ্ঠ বিধায়কজনে আজিও মন্ত্ৰীত্ব লাভ কৰিবলৈ সক্ষম নহ’ল । সৰ্বানন্দ সোণোৱাল অথবা হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত এই জ্যেষ্ঠ তথা সক্ৰিয় বিধায়কজনে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব লাভ কৰিব লাগিছিল; কিন্তু বিশ্বাসযোগ্যতা হেৰুৱাই পেলোৱা বাবেই তেওঁ এনেদৰে প্ৰত্যাখিত হ’বলগীয়া হৈছে ।
এই কথা সকলোৱে মনত ৰখা ভাল যে প্ৰকৃতিৰো ন্যায় বিচাৰ থাকে । প্ৰকৃতিৰ বিৰুদ্ধে গৈ শেষত কোনেও জয়ী হ’ব নোৱাৰে । গতিকে ধন অথবা ক্ষমতাৰ বিনিময়ত সাময়িকভাৱে লাভবান হোৱা যেন ভাবিলেও অৱশেষত প্ৰত্যেকে প্ৰকৃতিৰ ন্যায় বিচাৰৰ সন্মুখীন হ’বই লাগিব । নিজ দল অথবা সমষ্টিৰ ৰাইজৰ বিশ্বাসভাজন হ’ব নোৱাৰা নেতাজন আনৰ দ্বাৰা বিশ্বাসৰ পাত্ৰ হ’ব কেনেকৈ ?
সম্প্ৰতি অসম এক জটিল পৰিৱেশৰ মাজেদি আগবাঢ়িছে । কৰ’নাই সৃষ্টি কৰা এনে পৰিৱেশৰ পৰা ৰাজ্যখনক সঠিক দিশত আগবঢ়াই নিয়াৰ বাবে শক্তিশালী পদক্ষেপ গ্ৰহণ আৰু তাৰ ৰূপায়ণৰ প্ৰয়োজন । তাৰ বাবে চৰকাৰ আৰু বিৰোধী উভয়েই ৰাজ্য আৰু ৰাজ্যবাসীৰ স্বাৰ্থত ঐক্যবদ্ধভাৱে কাম কৰাটো সময়ৰ আহ্বান ।
বিধানসভাৰ চলিত বাজেট অধিবেশন হৈছে তাৰ বাবে এক উপযুক্ত মঞ্চ; কিন্তু তাৰ পৰিৱৰ্তে বাস্তৱত আমি কি দেখিছো ? সন্দেহ-শংকা, কিনা-বেচা আদিৰ চৰ্চা, কৌশল নিৰ্ধাৰণ আৰু ৰূপায়ণৰ নামতে প্ৰতিটো মুহূৰ্ত ব্যয় হৈছে । গতিকে এনে চৰম দুৰ্ভাগ্যজনক পৰিৱেশত ৰাজ্য অথবা ৰাজ্যবাসীৰ উন্নয়নৰ কথা ভাবিবলৈ ডা-ডাঙৰীয়াসকলৰ অৱকাশেই ক’ত ?
গণতান্ত্ৰিক শাসন ব্যৱস্থাত নিৰ্বাচন অপৰিহাৰ্য । সেই বাবেই নিৰ্বাচনৰ প্ৰক্ৰিয়াত জনসাধাৰণৰ লগতে সাংবাদিকৰো দৃষ্টি থাকে । এনে পৰিপ্ৰেক্ষিতত আমাৰ জনপ্ৰতিনিধিসকলে নিকা ভাৱমূৰ্তি বজাই ৰাখিব পাৰিলে তেওঁলোকৰ নিজৰ লগতে সামগ্ৰিকভাৱে দেশবাসীৰ বাবেও মংগলজনক ।