COVID-19 : দ্রুত সংক্রমণ বৃদ্ধি পাইছে চীনত, কৰ’না ৰোধ কৰিবলৈ এইবাৰ চাংহাই চহৰত জাৰি হ’ল তলাবন্ধ

6048

চীনৰ বিভিন্ন অঞ্চলত দ্রুত হাৰত কৰ’না সংক্রমণ বৃদ্ধি পাইছে । বিগত দুবছৰত দেশখনত কেতিয়াও পৰিস্থিতিৰ এনে অবনতি হোৱা নাই । ফলত প্রশ্ন উঠিছে, জি জিনপিং চৰকাৰৰ ‘ক’ভিড-শূন্য’ ৰণকৌশলৰ ওপৰত । এনে পৰিস্থিতিত দেওবাৰে চীনৰ তৃতীয় বৃহত্তম চহৰ চাংহাইৰ অর্ধেক অঞ্চলজুৰি প্ৰথম পৰ্যায়ৰ তলাবন্ধ জাৰি কৰা হৈছে ।

অতিমাৰী আৰম্ভণিৰ পৰাই ‘জিৰো ক’ভিড’ নীতিত চলা চীনৰ অধিকাংশ চহৰতেই ইতিমধ্যে কৰ’না সংক্রান্ত নানা বিধিনিষেধ জাৰি হৈছে । চাংহাইৰ স্থানীয় প্রশাসনে দেওবাৰে নিশা জনাইছে, চহৰজুৰি গণ পৰীক্ষা আৰম্ভ হোৱাৰ বাবে চাংহাইৰ অন্তর্গত পুডং আর্থিক জিলা আৰু চুবুৰীয়া অঞ্চলবোৰত সোমবাৰৰ পৰা শুকুৰবাৰ পর্যন্ত তলাবন্ধ জাৰি থাকিব । দ্বিতীয় পৰ্যায়ত, চাংহাইৰ মাজেৰে বৈ যোৱা হুৱাংপু নদীৰ পশ্চিমত বিস্তীর্ণ ঘনবসতিপূর্ণ ডাউনটাউন অঞ্চলত আৰম্ভ হ’ব পাঁচ দিনৰ তলাবন্ধ ।

প্রসংগত, দেওবাৰে চাংহাই চহৰত মুঠ ৩,৫০০টা নতুন সংক্রমণৰ ঘটনা চিহ্নিত হৈছে । এই পৰিস্থিতত সংক্রমণ ৰোধ কৰিবলৈ আমেৰিকাৰ গাড়ী নির্মাতা সংস্থা টেছলাসহ বিভিন্ন সংস্থাৰ কাৰখানা বন্ধ কৰি দিয়া হৈছে ।

উল্লেখ্য, দুসপ্তাহ আগতেই উত্তৰ-পূৱ চীনৰ জিনিন প্রদেশক সম্পূৰ্ণ বিচ্ছিন্ন কৰাৰ কথা ঘোষিত হৈছিল । তেতিয়াৰ পৰা তাৰ দুই কোটি ৪০ লাখ বাসিন্দা কার্যত গৃহবন্দী । এয়ে প্রথম ক’ভিড-১৯ সংক্রমণ ৰোধ কৰিবলৈ চীনৰ কোনো প্রদেশ সম্পূৰ্ণ বিচ্ছিন্ন কৰা হ’ল । ২০১৯-ৰ শেষত হুৱেই প্রদেশৰ ৰাজধানী উহানত কৰ’না ভাইৰাছৰ অস্তিত্বৰ সন্ধান পোৱাৰ পাছত প্ৰথমে সম্পূৰ্ণ প্রদেশত তলাবন্ধ জাৰি কৰা হৈছিল । কিন্তু সংক্রমণ ৰোধ কৰিবলৈ সম্পূৰ্ণ প্রদেশখনক বিচ্ছিন্ন কৰা হোৱা নাই ।

Exit mobile version