খেৰণিত হাতী-মানুহৰ সংঘাত, নিহত এক

হাতী-মানুহৰ সংঘাত পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত । খেৰণি বনাঞ্চলিক কাৰ্যালয় অন্তৰ্গত ২ নম্বৰ ৰামথেপি গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় ৪৮ বছৰীয়া এজন লোক । ৰাতিপুৱা কুঁহিয়াৰ খেতিত শৌচ কৰিবলৈ যাওঁতে সংঘটিত হয় এই ঘটনা ।

মৃত লোকজনৰ নাম জয়শংকৰ চৌহান । ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হোৱাৰ পাছতেই ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ । উপদ্ৰপ, সন্ত্ৰাস সৃষ্টি কৰি অহা বনৰীয়া হাতীৰ সমস্যা সমাধানত বন বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ গাওঁবাসীৰ । বনৰীয়া হাতীৰ মৃত্যুৰ খৱৰ লাভ কৰিলে লগে লগে বন কৰ্মীৰ দল ঘটনাস্থলীত আহে কিন্তু হাতীৰ আক্ৰমণত মানুহ মৰিলে অথবা উপদ্ৰপ চলালে বন বিভাগক খৱৰ দিলে উপস্থিত হৈ দায়সৰা মন্তব্য কৰে অথবা ঘটনাস্থলীত নহয় বুলি এক গুৰুতৰ অভিযোগৰ মন্তব্যও কৰে গাওঁখনৰ ৰাইজে ।

এক কথাত ক’বলৈ গ’লে সুদীর্ঘ বছৰ ধৰি বনৰীয়া হাতীৰ উপদ্ৰপে বৃহত্তৰ খেৰণি, মাইলু, বগৰীঘাট, ছিলডুবি, চেৰাপথাৰ, হাৱাইপুৰ আদি অঞ্চলৰ ৰাইজৰ নিদ্ৰা হৰণ কৰি অহাৰ লগতে বিস্তৰ ক্ষতি সাধন, প্ৰাণহানি, গৃহহাৰা আদিৰ দৰে অবৰ্ণনীয় ঘটনা সংঘটিত কৰি আহিছে বনৰীয়া হাতীয়ে ।

Exit mobile version